ETV Bharat / bharat

কোভিড-১৯ ৰ বাবে সেনাৰ নৱগঠিত আইবিজিক কৰ্তব্যত নিয়োগ কৰাত বিলম্ব - আইবিজি

কৰ'ণা ভাইৰাছৰ সংকটৰ মাজতে নৱগঠিত ইন্টিগ্ৰেটেড বেটেল গ্ৰুপক কৰ্তব্যত নিয়োগ কৰা বিলম্ব হৈছে ।

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

author img

By

Published : May 10, 2020, 9:49 PM IST

নিউজ ডেস্ক, ১০ মে' : দেশৰ সামৰিক বাহিনীত সদ্য অন্তৰ্ভুক্ত ইন্টিগ্ৰেটেড বেটেল গ্ৰুপৰ পৰীক্ষণ সমাপ্ত হৈছে যদিও কোভিড-১৯ ৰ বাবে তেওঁলোকক নিজৰ নিজৰ কৰ্তব্য অৰ্পন কৰাত বিলম্ব হৈছে বুলি উল্লেখ কৰে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে । চীন আৰু পাকিস্তানৰ সীমাত যুদ্ধক্ষমতা বৃদ্ধিৰে স্থলসেনাই আইবিজিসমূহক নিয়োগ কৰিবলৈ গঠন কৰিছিল । আইবিজিসমূহ ইনফেনট্ৰি, আৰ্টিলাৰী, এয়াৰ ডিফেন্স, টেংক আৰু লজিষ্টিকছ ইউনিটৰ দ্বাৰা গঠিত । স্থলসেনা প্ৰধানে উল্লেখ কৰা অনুসৰি, কোভিড-১৯ৰ বাবেই আইবিজিসমূহক সীমান্তলৈ প্ৰেৰণ কৰাত বিলম্ব হৈছে ।

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে
স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

অৱশ্যে নিৰ্ধাৰিত স্থানত আইবিজিসমূহ নিয়োগ কৰাত স্থলসেনাই সকলোধৰণৰ কাম সম্পন্ন কৰি তুলিছে আৰু নিৰ্ধাৰিত সময়ত আইবিজিসমূহক কৰ্তব্যত নিয়োজিত কৰা হ'ব আৰু ইয়াৰ বাবে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি তোলা হৈছে ।

স্থলসেনা প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰতিৰক্ষা উৎপাদন খণ্ডত কিছু পলম হ'ব পাৰে যদিও সেয়া ক্ষণস্থায়ীভাৱেহে হ'ব । স্থলসেনাৰ দীৰ্ঘদিনীয়া মিলিটাৰী ক্ৰয় কাৰ্যসূচীৰ ক্ষেত্ৰত কিছু হ্ৰসম্যাদী প্ৰভাৱ পৰিলক্ষিত হ'ব বুলিও জেন. নাৰাভানে কয় । অৱশ্যে ঘৰুৱা সামৰিক উৎপাদনৰ ওপৰত দেশে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি স্থলসেনা প্ৰধানগৰাকীয়ে উল্লেখ কৰে । বিগত কিছু বৰ্ষত স্থলসেনাই এইক্ষেত্ৰত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.