ETV Bharat / bharat

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

author img

By

Published : Sep 8, 2020, 4:55 PM IST

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

riya chakrabarty arrested
গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

মুম্বাই, 8 চেপ্টেম্বৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তিনিটাকৈ তদন্তকাৰী সংস্থা ক্ৰমে চিবিআই, ই ডি আৰু এন চি বিয়ে পৃথক পৃথক দৃষ্টিকোণৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ড্ৰাগছ এংগেলত এন চি বিয়ে এই ঘটনাৰ তদন্ত চলাই আছে ৷ এন চি বিয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে ৰিয়া চক্ৰৱৰ্তীক ৷ উল্লেখ্য যে, এন চি বিৰ বিষয়া সকলে তিনিদিনৰ পৰা ৰিয়া চক্ৰৱৰ্তীক সোধপোচ অব্যাহত ৰাখিছিল ৷ যোৱা দুদিনতে এন চি বিয়ে ৰিয়া চক্ৰৱৰ্তীক প্ৰায় 14 ঘণ্টা সোধপোছ কৰিছিল ৷ এন চি বিয়ে এই গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী তথা অন্য কেবাজনো লোকক ইতিপূৰ্ৱে আটক কৰিছে ৷

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : কৰ’ণাৰ ওচৰত হাৰ মানি কৰুণ মৃত্যুক সাৱটিলে ডাঃ তুলিকা গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.