নেশ্যনেল ডেস্ক, 23 আগষ্ট: শিলৰ বুকুত কেতিয়াবা সুৰৰ ঝংকাৰ শুনিছেনে ? প্ৰথমবাৰ শুনিলে বহু লোক আচৰিত হ'ব ৷ কিন্তু এনে পৰিঘটনা সংঘটিত হৈছে ৷ হাতুৰিৰে শিলত কোব মাৰিলেই সৃষ্টি হয় শব্দ তৰংগৰ ৷ ঠিক যেন গিৰ্জাৰ ঘণ্টা বজোৱাৰ শব্দ ৷ তাল আৰু লয় ঠিকে থাকিলে নতুন নতুন সুৰৰ জন্ম হয় এই শিলৰ বুকুত ৷
নিজৰ কাণেৰে সেই শব্দ নুশুনিলে বিশ্বাস কৰাতো টান ৷ কিন্তু এইখন পৃথিবীৱ বুকুতে আছে এনে এখন ঠাই, য'ত শিলৰ পৰা উৎপন্ন হয় সুৰৰ ঝংকাৰ ৷ আমেৰিকাৰ মণ্টানাৰ ৰিংগং ৰকছ্ ৷ পাইপষ্ট'ন চহৰৰ পৰা প্ৰায় 7 মাইল বাট অতিক্ৰম কৰিলেই পায় সেই স্থান ৷ গাড়ীৰে গ'লে সময়ৰ প্ৰয়োজন হয় প্ৰায় 20 মিনিট ৷
আপুনি যদি প্ৰথমবাৰ সেই এনেকাত যায়, তেন্তে দূৰৰ পৰাই ঘণ্টা বাজি থকাৰ দৰে শব্দ শুনিব ৷ যিমান দূৰ আগুৱাই যায় সিমানই জোৰত শুনিব সেই শব্দ ৷ তাতোকৈয়ো কাষ ছাপি গ'লে দেখা যায় শিলৰ সাধাৰণ দম ৷ অইন সাধাৰণ শিলৰ দৰেই সাধাৰণ সেই শিলসমূহো ৷ কিন্তু এটি হাতুৰীৰে যদি তাত টোকৰ এটা মাৰে তেন্তে তাৰ পৰা ভাহি আহিব ঘণ্টা বজোৱাৰ দৰে শব্দ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সেই এলেকাৰ শিলসমূহত আছে অত্যাধিক পৰিমাণৰ লোহা ৷ এসময়ত তাতা আছিল সক্ৰিয় আগ্নেয়গিৰি ৷ 76 মিলিয়ন বছৰ পূৰ্বে শেষবাৰৰ বাবে আগ্নেয়গিৰি উদগীৰণ হৈছিল সেই ঠাইত ৷ মূলতঃ মেগমা আৰু বাসাল্ট শিলা মিলি এনেধৰণৰ এবিধ হাইব্ৰিড শিলৰ গঠন হৈছিল ৷ সেই বাবেই বিশেষ ধৰণৰ গঠনৰ বাবেই শিলবোৰত টোকৰ মাৰিলে সৃষ্টি হয় সুৰৰ তৰংগ ৷
লগতে পঢ়ক: আজৱ: কেৱল বেকা গছেৰে ভৰা পোলেণ্ডৰ এখন বন