ETV Bharat / bharat

নিজ পত্নীক 300 টুকুৰা কৰি হত্যা কৰা সেনা বিষয়াগৰাকী - আজীৱন কাৰাদণ্ডৰে দণ্ডিত পত্নীক হত্যা কৰি 300 টুকুৰা কৰা ওৰিষাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসক

এগৰাকী অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ লোকক ওড়িশাৰ ভুৱনেশ্বৰৰ এখন স্থানীয় আদালতে মঙলবাৰে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ কিয়নো তেওঁ নিজ পত্নীক হত্যা কৰিছিল ৷ কেৱল এয়াই নহয়, নিজ পত্নীক হত্যা কৰি তেওঁ পত্নীৰ মৃতদেহটো 300টা টুকুৰা কৰিছিল ৷

ওৰিষাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসক
ওৰিষাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসক
author img

By

Published : Feb 27, 2020, 5:06 PM IST

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰীঃ ভাৰতীয় সেনা বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে তেওঁৰ 61 বছৰীয়া পত্নীক হত্যা কৰে ৷ পত্নীক হত্যা কৰাৰ পিচত তেওঁৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি এটা টিফিন বক্সত পেক কৰে ৷ ওড়িশাৰ ভুৱনেশ্বৰৰ এখন স্থানীয় আদালতে মঙলবাৰে অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ লোকগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷

লেফ্টেনেন্ট কৰ্ণেল সোমনাথ পাৰিদাক খুৰ্দা জিলা আৰু সত্ৰ ন্যায়াধীশৰ দ্বাৰা হত্যা আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগত আজীৱন কাৰাবাসৰ শাস্তি ঘোষণা কৰিছে ৷ আদালতে 78 বৰ্ষীয় পাৰিদাক 50,000 টকাৰ জৰিমনাও বিহে ৷ চৰকাৰী অধিবক্তা বীৰেণ কুমাৰ পাণ্ডাই কয় যে, শাস্তি শুনোৱাৰ পিচত পাৰিদা যথেষ্ট ভাগি পৰিছে ৷ পাৰিদাই 2013 চনৰ জুন মাহতে খঙত এটা ষ্টিলৰ টৰ্টেৰে নিজ পত্নী উষাশ্ৰী সামালক হত্যা কৰিছিল ৷ পাৰিকে তেওঁৰ পত্নীৰ শৰীৰটো 300 টা টুকুৰাত কাটি টিফিন বক্সত ৰাখিছিল ৷ তাৰ পিচত তেওঁ অস্ত্ৰোপ্ৰচাৰৰ স্কেলপেল, কেছী, চুৰীৰে তেওঁৰ দেহৰ অংগসমূহক 22 টা সৰু সৰু টিফিন কন্টেইনাৰত ভৰাই ভুৱনেশ্বৰৰ নিজ বাসগৃহত ৰাখিছিল ৷ তেওঁ দুৰ্গন্ধ নোহোৱা কৰিবলৈ সেই অংশসমূহত ফেনাইল প্ৰয়োগ কৰিছিল ৷

এই হত্যাৰ কথা 22 জুন, 2013 চনত পোহৰলৈ আহে ৷ যেতিয়া তেওঁৰ পত্নীৰ ভাতৃ ৰঞ্জন সামালে তেওঁলোকৰ ঘৰত গৈ নিজ বায়েকৰ বিষয়ে সোধ পোচ কৰে ৷ কিয়নো তেওঁৰ বায়েকে বিদেশত থকা নিজ সন্তানৰ সৈতে ফোনত কোনো ধৰণৰ কথা পতা নাছিল বহুদিনলৈ ৷ যেতিয়া পাৰিদাই দৰ্জা খোলা নাছিল, তেতিয়া তেওঁৰ পত্নীৰ আত্মীয়সকলে খিৰিকী খুলিবলৈ প্ৰয়াস কৰে আৰু ভিতৰলৈ জুমি চোৱাত তাৰ পৰা দুৰ্গন্ধ পাইছিল ৷

পাৰিদাক তেওঁৰ ঘৰৰ পত্নীৰ মৃতদেহৰ টুকুৰাবোৰ পোৱাৰ পিচত ভুৱনেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ লোকে জানিবলৈ দিয়া মতে, পাৰিদাই নিজ পত্নীৰ হত্যা কৰাৰ পিচতো এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক হিচাৰে কাম কৰিছিল ৷ তদন্তত তেওঁ হত্যাৰ কথাক বিৰোধিতা কৰি তেওঁৰ পত্নীয়ে আত্মহত্যা কৰা বুলি কয় আৰু তেওঁৰ দেহৰ অংশসমূহক শ্বিৰ্ডিলৈ লৈ গৈ অন্তিম নিয়ম কিছুমান সম্পন্ন কৰিবলৈ ৰাখি থোৱা বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ

6 টাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জলীয়ে কাৰাগাৰত চলালে আত্মহননৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.