নিউজ ডেস্ক, ৩ মে' : বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকৰ দলে কোভিড-১৯ৰ প্ৰতিষেধক বিচাৰি উলিওৱাৰ কামত ব্যস্ত হৈ আছে । ভাৰতৰ কেৰালাস্থিত মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ চাবু থমাছৰ নেতৃত্বত এটা গৱেষকৰ দলেও এই মহামাৰীৰ প্ৰতিষেধক তথা ঔষধ বিচাৰি উলিওৱাৰ বাবে গৱেষণাত ব্ৰতী হৈ আছে ।
বিশ্ববিদ্যালয়খনৰ গৱেষণাত কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে স্বাস্থ্য়কৰ্মীসকলে ব্যৱহাৰ কৰা ব্যক্তিগত সুৰক্ষা সৰঞ্জাম নিৰাপত্তাৰ ওপৰত অধ্যয়ন কৰি থকা হৈছে । উপাচাৰ্যৰ নেতৃত্বত চলি থকা গৱেষণাত গৱেষকৰ দলটোৱে হালধিত থকা কাৰকুমিন নামৰ অংশৰ দ্বাৰা কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি থাৱৰ কৰিছে । টিটানাম ডাইঅক্সাইডৰ দ্বাৰা গঠিত এই কাৰকুমিনৰ অতি সূক্ষ্ম অংশ ব্যক্তিগত সুৰক্ষা সৰঞ্জামত ব্যৱহাৰ কৰিলে ইয়াৰ দ্বাৰা সংক্ৰমণ ৰোধ কৰিব পৰা যাব । আন এক গৱেষণাৰ দ্বাৰা তেওঁলোকে কোভিড-১৯ৰ প্ৰতিষেধকৰ ওপৰতো কাম কৰি আছে । এইক্ষেত্ৰত আৰোগ্য হোৱা কোভিড-১৯ ৰোগীৰ শৰীৰৰ এন্টিবডিৰ দ্বাৰা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াব পৰা যাব ।
উপাচাৰ্যগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই সমগ্ৰ গৱেষণাটোত প্ৰায় ৩ বছৰ সময় লাগিব আৰু ইয়াত খৰচ হ'ব প্ৰায় ৩ কোটি টকা । দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা বিশ্ববিদ্যালয়ৰ সহযোগত এই গৱেষণা চলাই থকা হৈছে ।
লগতে পঢ়কঃ বিশ্বনাথত উত্তেজনাঃ চিকিৎসালয়লৈ যোৱাৰ অৱস্থাত ধৰ্ষণৰ চেষ্টা দুগৰাকী নাৰ্চক !