নেশ্যনেল ডেক্স,13 জানুৱাৰীঃ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে চলিত মাহৰ সাত দিন দিল্লী আন্তৰ্জাতিক বিমানবন্দৰত বিমানৰ উৰণ আৰু অৱতৰণৰ ক্ষেত্ৰত ধাৰ্য কৰিছে কিছু অধিনিয়ম ৷ 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰী পৰ্যন্ত গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰায় দুঘন্টাৰ বাবে বিমানৰ উৰণ আৰু অৱতৰণৰ অনুমতি প্ৰদান নকৰিবলৈ বিমান বাহিনীক জাননী প্ৰদান কৰা হৈছে ৷
জাননী অনুসৰি,উল্লেখিত দিনকেইটাত পুৱা 10:30ৰ পৰা 12:15 বজালৈ বিমানবন্দৰখনত কোনো বিমান পৰিচালনা কৰা নহয় ৷ উল্লেখ্য যে, নিৰ্ধাৰিত এই দিন কেইটাত দিল্লীৰ আকাশসীমা বন্ধ থকাৰ বাবে সকলো এয়াৰলাইন্সৰ বিমান চলাচল প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ৷
আৰু পঢ়ক-মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে