ETV Bharat / bharat

ৰেমদেচিভিৰে ক'ভিড-১৯ত গুৰুতৰভাৱে আক্ৰান্তৰ মৃত্যুৰ সংখ্যা কম কৰে

author img

By

Published : Jul 22, 2020, 10:33 PM IST

একে সময়তে ৩১২গৰাকী ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ শৰীৰত এণ্টি ভাইৰেল ড্ৰাগ ৰেমদেচিভিৰ প্ৰয়োগ আৰু ৮১৮ গৰাকী ক'ভিড-১৯ত আক্ৰান্তক গতানুগতিক চিকিৎসা দিয়াৰ অন্তত এক তৃতীয় পৰ্যায়ৰ অধ্যয়নৰ বিশ্লেষণ কৰি এইটো নিশ্চিত হৈছিল যে,ৰেমদেচিভিৰ প্ৰয়োগৰ ফলত ক'ভিড-১৯ত আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত বহুখিনি সুফল পাব পাৰি । তাৰোপৰি গতানুগতিক চিকিৎসাৰ তুলনাত মৃত্যুৰ হাৰ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস হ'ব পাৰে ।

'Remdesivir' reduces death risk in severe COVID-19 patients
ৰেমদেচিভিৰে ক'ভিড-১৯ত গুৰুতৰভাৱে আক্ৰান্তৰ মৃত্যুৰ সংখ্যা কম কৰে

নিউজ ডেস্ক,২২ জুলাই: বায়' ফাৰ্মাচিউটিকেল কোম্পানী গিলিয়াড চায়েঞ্চৰ দ্বাৰা প্ৰকাশিত এক তথ্য মতে,ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ শৰীৰত এণ্টি ভাইৰেল ড্ৰাগ ৰেমদেচিভিৰ প্ৰয়োগ কৰাৰ ফলত গতানুগতিক চিকিৎসাৰ তুলনাত গুৰুতৰ ভাৱে আক্ৰান্তৰ মৃত্যুৰ হাৰ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস হ'ব পাৰে ।

২৩ সংখ্যক ভাৰ্চুৱেল আন্তৰ্জাতিক এইডছ সন্মিলনত অংশগ্ৰহণ কৰি গিলিয়াড চায়েঞ্চে উল্লেখ কৰিলে এয়া এক গুৰুত্বপূৰ্ণ উদ্ভাৱন আৰু ইয়াৰ ক্লিনিকেল ট্ৰায়েলৰ নিশ্চয়তাৰ বাবে অনুমোদনৰ প্ৰয়োজন ।

সন্মিলনত বিশ্লেষণ আগবঢ়াই বায়' ফাৰ্মাচিউটিকেল কোম্পানী গিলিয়াড চায়েঞ্চে অৱগত কৰিলে যে একে সময়তে ৩১২গৰাকী ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ শৰীৰত এণ্টি ভাইৰেল ড্ৰাগ ৰেমদেচিভিৰ প্ৰয়োগ আৰু ৮১৮ গৰাকী ক'ভিড-১৯ত আক্ৰান্তক গতানুগতিক চিকিৎসা দিয়াৰ অন্তত এক তৃতীয় পৰ্যায়ৰ অধ্যয়নৰ বিশ্লেষণ কৰি এইটো নিশ্চিত হৈছিল যে,ৰেমদেচিভিৰ প্ৰয়োগৰ ফলত ক'ভিড-১৯ত আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত বহুখিনি সুফল পাব পাৰি । তাৰোপৰি গতানুগতিক চিকিৎসাৰ তুলনাত মৃত্যুৰ হাৰ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস হ'ব পাৰে ।

বিশেষকৈ উত্তৰ আমেৰিকা,ইউৰোপ আৰু এচিয়া মহাদেশত ক'ভিড আক্ৰান্তক ৰেমদেচিভিৰ প্ৰয়োগ আৰু গতানুগতিক চিকিৎসাৰ তুলনা কৰি গতানুগতিক চিকিৎসাৰ তুলনাত গুৰুতৰ ভাৱে আক্ৰান্তৰ মৃত্যুৰ হাৰ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস হোৱাৰ সবিশেষ উল্লেখ কৰিলে ।

বিশ্লেষণটোত উল্লেখ কৰা মতে ৰেমদেচিভিৰ প্ৰয়োগ আৰু গতানুগতিক চিকিৎসাৰ ১৪ দিনৰ অন্তত ৰেমদেচিভিৰ প্ৰয়োগৰ ফলত ৭৪.৪ শতাংশ আৰু গতানুগতিক চিকিৎসাৰ ফলত ৫৯ শতাংশ আক্ৰান্ত সুস্থ হৈছে ।

কলম্বিয়া বিশ্ববিদ্যালয়ৰ ইৰভিং মেডিকেল চেণ্টাৰৰ চুচান অলেণ্ডাৰৰ মতে, এই তুলনামূলক অধ্যয়ন তথা বিশ্লেষণে এণ্টি ভাইৰেল ড্ৰাগ ৰেমদেচিভিৰ প্ৰয়োগৰ মূল্যায়নৰ ক্ষেত্ৰত এক অতিৰিক্ত তথ্য প্ৰদান কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.