ETV Bharat / bharat

কোভিড-১৯ ৰোগীৰ বাবে ৰেমডেচিভিৰক 'অনুসন্ধানমূলক চিকিৎসা' হিচাপে অন্তৰ্ভুক্ত - CDSCO

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে যে, কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ তৎকালীন চিকিৎসাৰ উপযোগীকৈ Drug Remdesivirক এক 'অনুসন্ধানমূলক চিকিৎসা' (investigational therapy) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ৰেমডেচিভিৰক 'অনুসন্ধানমূলক চিকিৎসা' হিচাপে অন্তৰ্ভুক্ত

author img

By

Published : Jun 14, 2020, 10:39 PM IST

নেশ্যনেল ডেস্ক, ১৪ জুন: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে সদৰী কৰা অনুসৰি, কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ তৎকালীন চিকিৎসাৰ উপযোগীকৈ Drug Remdesivirক এক ‘অনুসন্ধানমূলক চিকিৎসা’ (investigational therapy) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে কোভিড-১৯ৰ বাবে সংশোধিত ক্লিনিকেল মেনেজমেণ্ট প্ৰট'কলৰ ব্যৱস্থা কৰিছে, যিয়ে ড্ৰাগ ৰেমডেচিভিৰক অনুসন্ধানমূলক চিকিৎসা হিচাপে Tocilizumab আৰু Convalescent Plasmaৰ সৈতে তৎকালীন চিকিৎসাত ব্যৱহাৰ কৰাত সহায় কৰিব । ইয়াৰোপৰি, উক্ত প্ৰট'কলত উল্লেখ আছে যে, এই চিকিৎসাৰ ব্যৱহাৰ বৰ্তমানৰ সীমিত উপলব্ধ প্ৰমাণ আৰু সীমিত প্ৰাপ্যৰ ওপৰত ভিত্তি কৰি প্ৰযোজ্য হ'ব । অৱশ্যে ঔষধৰ তৎকালীন ব্যৱহাৰৰ বাবে কিছুমান চৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ বিজ্ঞপ্তিত উল্লেখিত অনুসৰি, গিলিয়ড নামৰ এটা বায়'ফাৰ্মাচিউটিকেল কোম্পানীয়ে ২৯ মে তাৰিখে ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰক সংস্থা CDSCOক ৰেমডেচিভিৰৰ আমদানি আৰু ব্যৱসায়ৰ বাবে আবেদন কৰিছিল । সেইমৰ্মে ১ জুন তাৰিখে এই তৎকালীন চিকিৎসাৰ ঔষধ ব্যৱহাৰ কৰি ৰোগীৰ সুৰক্ষা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ অনুমতি প্ৰদান কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.