ETV Bharat / bharat

আজিৰে পৰা দিল্লীত মুকলি ধৰ্মীয় অনুষ্ঠান

author img

By

Published : Jun 8, 2020, 9:31 PM IST

পুনৰ মুকলি হ'ল দিল্লীৰ মুখ্য ধৰ্মীয় উপাসনাৰ স্থান জামা মছজিদ,চাই বাবা মন্দিৰ, গুৰুদ্বাৰা সিসমঞ্জ চাহেবৰ লগতে আন আন স্থানসমূহ। অৱশ্যে,সোমবাৰে পুৱাৰ ভাগত জামা মছজিদত দেখা নগল কোনো উপাসকক ।

আজিৰে পৰা দিল্লীত মুকলি ধৰ্মীয় অনুষ্ঠান
আজিৰে পৰা দিল্লীত মুকলি ধৰ্মীয় অনুষ্ঠান

নিউজ ডেস্ক, 8 জুনঃ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত দেশত জাৰি কৰা লক ডাউনৰ বাবে আঢ়ৈ মাহ ধৰি বন্ধ হৈ থকা ধৰ্মীয় উপাসনাৰ কেন্দ্ৰস্থলসমূহ সোমবাৰৰ পৰা দেশৰ বিভিন্ন স্থানৰ লগতে দিল্লীতো মুকলি কৰা হৈছে ।

দিল্লীৰ মুখ্য ধৰ্মীয় উপাসনাৰ স্থান জামা মছজিদ,চাই বাবা মন্দিৰ,গুৰুদ্বাৰা সিসমঞ্জ চাহেবৰ লগতে আন আন স্থান সমূহো পুনৰ মুকলি কৰা হৈছে । অৱশ্যে, সোমবাৰে পুৱাৰ ভাগত কোনো উপাসকত জামা মছজিদত যোৱা পৰিলক্ষিত হোৱা নাছিল । ইপিনে গুৰুদ্বাৰা সিসমঞ্জ চাহেবত প্ৰৱেশৰ বাবে এক সুৰংগ নিৰ্মাণ কৰা হৈছে । এই সুৰংগৰ মাজেৰে গ'লে সংক্ৰমণ ৰোধৰ আশংকা কম কৰা হৈছে ।

আনহাতে প্ৰায় প্ৰতিটো ধৰ্মীয় স্থানতেই ছেনিটাইজৰ ব্যৱস্থাৰ লগতে সামাজিক দুৰত্বৰ নিয়ম বৰ্তাই ৰখাৰো ব্যৱস্থা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.