নতুন দিল্লী, 22 জুন: ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ সোমবাৰে 150 বিলিয়ন ডলাৰৰ বজাৰ মূল্যত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় কোম্পানী হিচাপে চিহ্নিত হয় ৷ পুৱাৰ বাণিজ্যত কোম্পানীটোৱে 28,284.97 কোটি টকাৰ পৰা বৃদ্ধি হৈ 11,43,667 (150 বিলিয়ন মাৰ্কিন ডলাৰ) কোটি টকা হয় ৷
বিএছআইৰ হেভিৱেট ষ্টক 2.53 শতাংশ বৃদ্ধি হৈ 1,804 টকা সৰ্বোচ্চ ৰেকৰ্ড কৰে কোম্পানীটোৱে । আনহাতে এনএছইত ই 2.54 শতাংশ বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ 1,804.20 হয়গৈ । শুকুৰবাৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজে 11,000 কোটি টকাৰ বজাৰ মূল্য অতিক্ৰম কৰা প্ৰথম ভাৰতীয় কোম্পানী হিচাপে চিহ্নিত হয় ৷ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ঘোষণা কৰা অনুসৰি তেওঁৰ টেলিকম কোম্পানীয়ে সৃষ্টি কৰা ঋণৰ বজাৰ মূল্য 11 লাখ কোটি টকা অতিক্ৰম কৰে ৷
লগতে পঢ়ক: বজাৰ অৰ্থনীতি বিবাদত বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত পৰাজিত চীন