ETV Bharat / bharat

দেশত কৰ'ণা ভাইৰাছ আৰোগ্যৰ হাৰ প্ৰায় 60%

author img

By

Published : Jul 1, 2020, 9:41 AM IST

আজি পৰ্যন্ত দেশত COVID-19 সক্ৰিয় ৰোগীতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা অধিক ৷ বৰ্তমানলৈকে দেশত সক্ৰিয় ৰোগীতকৈ 1,19,696 গৰাকী অধিক লোক আৰোগ্য হৈ উঠিবলৈ সক্ষম হৈছে ৷

কৰ'ণা ভাইৰাছ
দেশত কৰ'ণা ভাইৰাছ আৰোগ্যৰ হাৰ প্ৰায় 60%

নেশ্যনেল ডেস্ক, 1 জুলাই : দেশত কৰ'ণা ভাইৰাছ আৰোগ্যৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যসমূহৰ যৎপৰোনাস্তি চেষ্টাৰ ফলতেই দেশৰ প্ৰায় 60 শতাংশ কৰ'ণা ৰোগী আৰোগ্য হৈ উঠিছে ৷ আজি পৰ্যন্ত দেশত COVID-19 সক্ৰিয় ৰোগীতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা অধিক ৷ বৰ্তমানলৈকে দেশত সক্ৰিয় ৰোগীতকৈ 1,19,696 গৰাকী অধিক লোক আৰোগ্য হৈ উঠিবলৈ সক্ষম হৈছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ে কয়, "বৰ্তমান দেশত সক্ৰিয় ঘটনা হৈছে 2,15,125 গৰাকী ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 3,34,821 গৰাকী ৷ যোৱা 24 ঘন্টাত 13,099 COVID-19 ৰোগী আৰোগ্য হৈ উঠিছে ৷"

মঙলবাৰে মন্ত্ৰণালয়ে কয়, "বৰ্তমান COVID-19 ৰ পৰা আৰোগ্য ৰোগীৰ হাৰ 59.07 শতাংশ ৷"

একেধাৰে ভাৰতত টেষ্টিং লেবৰ সংখ্যাও বৃদ্ধি পাই আহিছে ৷ বৰ্তমান এনে লেবৰ সংখ্যা 1,049 টা হৈছেগৈ ৷ ইয়াৰে 761 টা চৰকাৰী আৰু 288 টা ব্যক্তিগত লেব বুলি জানিব পৰা গৈছে ৷

ICMR ৰ মতে, 29 জুন পৰ্যন্ত প্ৰায় 86,08,654 টা নমুনা পৰীক্ষা কৰা হৈছে আৰু সোমবাৰে 2,10,292 টা নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক : ভাৰতত বিগত ২৪ ঘণ্টাত ৪১৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.