ETV Bharat / bharat

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা

author img

By

Published : Jul 5, 2020, 9:26 PM IST

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ 31 বেটালিয়নৰ কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা বহুকেইগৰাকী জোৱানে নিজৰ প্লাজমা দান কৰিব বুলি জনাইছে ৷ ইতিমধ্যে এগৰাকী জোৱানে এগৰাকী সাংবাদিক আৰু আন দুগৰাকী ব্যক্তিক নিজৰ প্লাজমা দান কৰিছে ৷

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা

নিউজ ডেস্ক, 5 জুলাই : তিনিমাহ পূৰ্বে কোভিড-19ৰ ভয়াৱহ আক্ৰমণৰ বলি হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ 31 বেটালিয়ন ৷ কিন্তু শেহতীয়াকৈ বাহিনীটোৰ এইটো বেটালিয়ন প্লাজমা দানকৰ্তাসকলেৰে ভৰি পৰিছে, আৰু বহুকেইগৰাকী জোৱানে প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে ৷

কেৱল মাত্ৰ চিআৰপিএফ 31 বেটালিয়নে নহয়, দৰাচলতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত প্ৰায় 4,000 জোৱান কোভিড-19ত আক্ৰান্ত হৈছিল যিসকলে এতিয়া প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে ৷ বিএছএফ আৰু আইটিবিপিয়ে ইতিমধ্যে ইয়াৰ বাবে নিজৰ জোৱানৰ সূচী প্ৰস্তুত কৰি তুলিছে ৷ চিআৰপিএফৰ 31 বেটালিয়নৰ এগৰাকী জোৱানে ইতিমধ্যেই নিজৰক প্লাজমা এগৰাকী সাংবাদিক আৰু দুগৰাকী অন্য় লোকক দান কৰিছে ৷

লগতে পঢ়কঃ শ্বাহ, ৰাজনাথে ভ্ৰমণ কৰিলে 1,000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয়

প্ৰথম অৱস্থাত কোভিড-19ত আক্ৰান্ত হৈ অধিক শংকিত হৈ পৰা জোৱানসকলে এতিয়া আৰোগ্য লাভ কৰিয়ে নিজৰ প্লাজমা মানুহৰ চিকিৎসাৰ বাবে দান দিবলৈ উঠি-পৰি লাগিছে ৷ চিআৰপিএফৰ 31 বাহিনীৰ হেড কনিষ্টবল যিয়ে প্লাজমা দান কৰিছে, মনজিৎ সিঙে সংবাদমাধ্যমৰ আগত এইদৰে উল্লেখ কৰে ৷

একেদৰেই গনেশ কুমাৰ নামৰ জোৱানগৰাকীয়েও প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে আৰু এবাৰ প্লাজমা দান কৰাৰ এমাহ পিচত পুনৰবাৰ প্লাজমা দান কৰিবলৈ তেওঁ সাজু বুলি জনাইছে ৷

অৱশ্যে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা সকলো ৰোগীৰে প্লাজমা দান কৰাৰ আৱশ্যকতা নাথাকে ৷ চিআৰপিএফৰ 31 বেটালিয়নৰ ছেকেণ্ড ইন-কামাণ্ড বিষয়া দীপেন্দ্ৰ ৰাজপুতে কয় যে, প্ৰথমে আমি 9গৰাকী জোৱানক প্লাজমা দান দিবলৈ পঠাইছিলো যদিও চিকিৎসকে তিনিগৰাকীৰ পৰা প্লাজমা সংগ্ৰহ কৰে ৷ আমাৰ হাতত এতিয়াও 130 গৰাকী জোৱানৰ এক সূচী আছে, গতিকে আমাৰ হাতত 130 গৰাকী প্লাজমা দাতা আছে ৷

কেৱল চিআৰপিএফেই নহয়, বিএছএফ আৰু আইটিবিপিৰ দলে বাহিনীসমূহেও প্লাজমা দানৰ বাবে আগবাঢ়ি আহিছে ৷ বিএছএফৰ ডিআইজি ললিত কুমাৰে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকেও জোৱানসকলৰ এক সূচী প্ৰস্তুত কৰি তুলিছে আৰু এইমছত গৈ তেওঁলোকে প্লাজমা দান কৰিব ৷

লগতে পঢ়কঃ দিল্লীত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেণ্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.