ETV Bharat / bharat

COVID-19 প্ৰতিৰোধ : কুৱেইটলৈ Rapid response team প্ৰেৰণ ভাৰতৰ

ভাৰতৰ rapid response team উপস্থিত হ'ল কুৱেইটত ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷

COVID-19 প্ৰতিৰোধ
কুৱেইটলৈ Rapid response team প্ৰেৰণ ভাৰতৰ
author img

By

Published : Apr 11, 2020, 10:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 11 এপ্ৰিল : 15 জন চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসহিতে ভাৰতৰ ৰেপিড ৰেচপঞ্চ টীম (rapid response team) উপস্থিত হৈছে কুৱেইটত ৷ কৰ'ণা ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে ভাৰতীয় বায়ুসেনাৰ এই দলটোক প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷

প্ৰধানমন্ত্ৰী মোডী আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেইখ ছাবাহ-অল-খালেদ অল-হামাদ অল-ছাবাহে শেহতীয়াকৈ এক টেলিফোনিক বাৰ্তালাপ কৰে ৷ এই বাৰ্তালাপৰ পাচতে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা COVID-19 মহামাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবলৈ দুই দেশৰ মুৰব্বীয়ে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ লগতে ভাৰতে rapid response team পঠাবলৈ সন্মতি প্ৰদান কৰে ৷

চিকিৎসা কৰ্মীৰ এই দলটোৱে দুসপ্তাহৰ বাবে কুৱেইটত থাকিব আৰু পৰীক্ষণ, আক্ৰান্তক চিকিৎসা প্ৰদানত সহযোগিতা আৰু কুৱেইটৰ চিকিৎসা কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিব ৷

বৈদেশিক মন্ত্ৰী জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "ভাৰতৰ RAPID RESPONSE TEAM কুৱেইটত উপস্থিত হৈছে ৷ COVID-19 সম্পৰ্কত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰ জৰিয়তে ভাৰত আৰু কুৱেইটৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু গভীৰ হৈ পৰিব ৷"

বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিত জানিবলৈ দিয়া অনুসৰি, কুৱেইট চৰকাৰৰ অনুৰোধত ভাৰতে rapid response team প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে,বৰ্তমানলৈকে কুৱেইটত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,154 জনলৈ বৃদ্ধি পোৱাৰ লগতে এজনৰ মৃত্যু হৈছে ৷ কুৱেইটত বাস কৰা বিভিন্ন দেশৰ প্ৰৱাসী লোকৰ ভিতৰত ভাৰতীয়ৰ সংখ্যাই অধিক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.