ETV Bharat / bharat

সঠিক মানদণ্ডৰ বাবে ৰেপিড এন্টিবডি টেষ্ট পৰীক্ষণত বাধা আই চি এম আৰৰ

পৰৱৰ্তী নিৰ্দেশনা জাৰী নকৰাকৈ ৰেপিড এন্টিবডি টেষ্ট ৰখাই থৈ দিয়া হৈছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আই চি এম আৰৰ দলে দুখনকৈ চীনা প্ৰতিষ্ঠানৰ পৰা গ্ৰহণ কৰা ৰেডিপ এন্টিবডি টেষ্টৰ কিটসমূহৰ বিৰুদ্ধে কেবাখনো ৰাজ্যই অভিযোগ প্ৰদান কৰাৰ পিচতে ইয়াৰ মানদণ্ড পৰীক্ষা কৰিবলৈ এইদৰে ৰখাই দিয়া হয় ।

ৰেপিড এন্টিবডি টেষ্ট পৰীক্ষণত বাধা আইচিএমআৰৰ

author img

By

Published : Apr 26, 2020, 1:58 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোভিড-১৯ৰ ৰেপিড এন্টিবডি টেষ্টত ব্যৱহৃত সজুলিসমূহৰ ব্যৱহাৰ বন্ধ ৰাখিবলৈ কোৱা হৈছে । এইসমূহ সজুলিৰ মানদণ্ডৰ ওপৰত পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে ইয়াক ৰখাই দিবলৈ কোৱা হৈছে। পূৰ্বেও আই চি এম আৰে এই এন্টিবডি টেষ্ট ৰখাই থ'বলৈ আহ্বান জনাইছিল কিয়নো ই প্ৰদান কৰা তথ্যসমূহ গুণগত নাছিল ।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ নেতৃত্বত অনুষ্ঠিত হোৱা কোভিড-১৯ সভাতো মন্ত্ৰীসকলৰ মাজত এই কথা আলোচনা হৈছিল ।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি,চীনৰ পৰা অধিগ্ৰহণ কৰা এইসমূহ এন্টিবডি টেষ্ট কিট পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি আই চি এম আৰৰ দলে ইয়াৰ চোৱাচিতা কৰি আছে । ভাৰতে দুখনকৈ চীনা প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৫ লাখ এন্টিবডি কিট অধিগ্ৰহণ কৰিছিল ।

চীনে প্ৰদান কৰা এন্টিবডি কিটসমূহৰ বিৰুদ্ধে পূৰ্বতে বহুকেইখন দেশেও অভিযোগ উত্থাপন কৰিছিল । চীনৰ এই দুখন প্ৰতিষ্ঠান (Wondfo Biotech আৰু Livzon Diagnostics) এ তেওঁলোকৰ সামগ্ৰীসমূহত কোনো অসুবিধা নাই বুলি কোৱাৰ লগতে ইয়াক স্বাস্থ্য কৰ্মীসকলে কিদৰে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ওলোটাই প্ৰশ্ন উত্থাপন কৰিছিল ।

আই চি এম আৰে ৰেপিড টেষ্টক নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হ'ব,প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ বাবে নহয় বুলি স্পষ্টীকৰণ দিছিল । আই চি এম এৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগৰ প্ৰধান ডাঃ ৰমণ গংগাখেড়কাৰে প্ৰকাশ কৰা অনুসৰি,ৰেপিড এন্টিবডি টেষ্টৰ পিচিআৰৰ দ্বাৰাই কোভিড-১৯ পজিটিভ হয় নে নহয় তাক জানিব পৰা যাব বুলি উল্লেখ কৰিছিল ।

প্ৰথম অৱস্থাত পশ্চিমবংগই এই কিটৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । পৰৱৰ্তী পৰ্যায়ত আই চি এম আৰে ইয়াৰ গুণাগুণ তিনিখন অন্য ৰাজ্যৰ সৈতে পৰীক্ষা কৰিছিল ।

ডাঃ গংগাখেড়কাৰে প্ৰকাশ কৰা অনুসৰি, আঠখনকৈ আই এম চি আৰৰ এটা দলে এই কিটৰ শুদ্ধতা পৰীক্ষা কৰাৰ পিচতেই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা আগবঢ়োৱা হ'ব ।

লগতে পঢ়কঃ COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দনৰ কথাৰে.....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.