ETV Bharat / bharat

চিকিৎসাধীন ৰাম বিলাস পাছৱান, স্বাস্থ্য সুস্থিৰ

author img

By

Published : Aug 25, 2020, 10:24 AM IST

কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানক হৃদ আৰু বৃক্ক সম্বন্ধীয় ৰোগৰ বাবে চিকিৎসাধীন কৰা হৈছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, চিকিৎসকৰ নিৰীক্ষণৰ পাচতে মঙলবাৰে তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ'ব ৷

স্বাস্থ্য সুস্থিৰ
চিকিৎসাধীন ৰাম বিলাস পাছৱান

নেশ্যনেল ডেস্ক, 25 আগষ্ট : উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানক হৃদ আৰু বৃক্ক সম্বন্ধীয় ৰোগৰ বাবে চিকিৎসাধীন কৰা হৈছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, চিকিৎসকৰ নিৰীক্ষণৰ পাচতে মঙলবাৰে তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ'ব ৷

উল্লেখ্য যে, দেওবাৰে পাছৱানক দিল্লীৰ ফৰ্টিছ এছকোৰ্ট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পাছৱান বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ থকা বাবে বহু সময়ৰ পৰা চিকিৎসা গ্ৰহণ কৰি আছিল ৷

লোক জনশক্তি দলৰ মুৰব্বী ৰাম বিলাস পাছৱান মোডী চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী ৷ যোৱা বছৰ তেওঁ নিজ দলৰ দায়িত্ব পুত্ৰ চিৰাগ পাছৱানক অৰ্পন কৰে ৷ কৰ'ণা ভাইৰাছৰ সময়ত মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত বিনামূলীয়া খাদ্য বিতৰণৰ সঠিক ৰূপায়নত পাছৱানে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : ভাৰত জাপানৰ মিত্ৰতা কোনো তৃতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে নহয়: বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.