ETV Bharat / bharat

ৰাম জন্মভূমি নে নতুন ৰাম মন্দিৰ ? - অযোধ্যা

এই প্ৰতিবেদনযোগে জ্যেষ্ঠ সাংবাদিক দিলীপ অৱষ্ঠীয়ে উল্লেখ কৰে যে, অযোধ্যাত নিৰ্মাণ হ’বলগীয়া নতুন ৰাম মন্দিৰে এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছে ৷ প্ৰথম অৱস্থাত ৰাম জন্মভূমি মন্দিৰৰ আৰ্হি, বাবৰি মছজিদৰ আৰ্হিৰ সৈতে প্ৰস্তুত কৰা হৈছিল বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে ৷ নিৰ্মাণ হ’বলগীয়া এই মন্দিৰটোক ৰাম জন্মভূমি মন্দিৰ নে ৰাম মন্দিৰ হিচাপে নামাকৰণ কৰিব তাক লৈ এতিয়া এক কঠিন প্ৰশ্নৰ সৃষ্টি হৈছে ৷

Ram Janmabhoomi or new Ram temple?
ৰাম জন্মভূমি নে নতুন ৰাম মন্দিৰ?
author img

By

Published : Aug 2, 2020, 1:02 PM IST

নেশ্যনেল ডেস্ক, 2 আগষ্ট : অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰে যেন সকলোৰে মনত বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ এই মন্দিৰটো ৰাম জন্মভূমি মন্দিৰ নে ৰাম মন্দিৰ হিচাপে নামাকৰণ কৰিব তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা ৷

বিশেষজ্ঞসকলে সদৰি কৰা মতে, প্ৰথম অৱস্থাত ৰাম জন্মভূমি মন্দিৰৰ আৰ্হি বাবৰি মছজিদৰ আৰ্হিৰ সৈতে প্ৰস্তুত কৰা হৈছিল ৷ কেৱল প্ৰতিমূৰ্তি পুনৰুদ্ধাৰ কৰা হৈছিল আৰু তাৰ পাচত পূজাৰ বাবে এক অস্থায়ী মন্দিৰ সাজি উলিওৱা হৈছিল ৷ মন্দিৰৰ মূল মূৰ্তি (গৰ্ভগৃহ) বোকাত পোত যোৱাৰ পাচত 1992 চনৰ 6 ডিচেম্বৰত গৰ্ভ মূৰ্তিৰ পুনৰুদ্ধাৰ হয় ৷

Ram Janmabhoomi or new Ram temple?
ৰাম জন্মভূমি নে নতুন ৰাম মন্দিৰ?

কেন্দ্ৰীয় চৰকাৰে 5 আগষ্টত নতুন ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে, ভূমি পূজনৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5 আগষ্টত 5 টা ৰূপৰ ব্লক স্থাপন কৰিব ৷ এই কাৰ্যসূচীত প্ৰথমে 250 গৰাকী অতিথিৰ ব্যৱস্থা কৰা হৈছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৱল 125 গৰাকী অতিথিৰ ব্যৱস্থা কৰা হৈছে ৷ অতিথিৰ উক্ত তালিকাখনত এল.কে. আদৱানী এম.এম. যোশী, আৰ.এছ.এছৰ প্ৰমুখ মোহন ভাগৱত আৰু ৰাম জন্মভূমি আন্দোলনৰ আগধৰোতা মহন্ত নৃত্যা গোপাল দাসৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ নতুন গৰ্ভ মূৰ্তি স্থাপন হ’বলগীয়া স্থানত 40 কেজি ওজনৰ ৰূপৰ শ্লেৱ ৰখা হ’ব ৷

ভগৱান ৰামৰ জন্মস্থান হিচাপে ভূমি পূজনৰ জৰিয়তে এই মূৰ্তি স্থাপন কৰা হ’ব ৷ ভূমি পূজনত পবিত্ৰ নদী আৰু পবিত্ৰ বালিৰে নিগৰা পানী ব্যৱহাৰ কৰা হ’ব ৷ নতুন ৰাম মন্দিৰৰ কমপ্ৰেক্সটো মাৰ্বলৰ টুকুৰা সদৃশ চমৎকাৰ হৈ উঠিব ৷ প্ৰায় 120 একৰ মাটিৰে আগুৰা এই ৰাম মন্দিৰটো বিশ্বৰ ভিতৰত তৃতীয়টো বৃহৎ হিন্দু মন্দিৰ হ’ব ৷ ইতিমধ্যে কম্বোডিয়াত প্ৰথমটো অংগকোৰ ৱাট আৰু তামিলনাডুত দ্বিতীয়টো বৃহৎ মন্দিৰ ৰংগনাথ স্বামী হিন্দু মন্দিৰ স্থাপন কৰা হৈছে ৷ নতুন ৰাম মন্দিৰৰ চৌহদৰ মূল মূৰ্তিৰ চাৰিও দিশে সীতা, লক্ষ্মণ, ভৰত আৰু হনুমানৰ মূৰ্তিও নিৰ্মাণ কৰা হ’ব ৷

স্থপতিবিদে নতুন ৰাম মন্দিৰৰ আৰ্হিটো নাগৰাজৰ শৈলীৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে ৷ এই আৰ্হিটো 1983 চনত চন্দ্ৰকান্ত চম্পুৰাই সাজি উলিয়াইছিল ৷ মুঠ 76,000-84,000 বৰ্গফুট অঞ্চলজুৰি এই আৰ্হিটো নিৰ্মাণ কৰা হ’ব ৷ উল্লেখ্য যে, গুজৰাটত চম্পুৰাৰ পৰিয়ালে সোমনাথ মন্দিৰৰ আৰ্হি সাজি উলিয়াইছিল আৰু তেওঁক নতুন মন্দিৰৰ মূৰ্তি আৰু দুৱাৰৰ আৰ্হিৰ কামো অৰ্পন কৰা হৈছিল ৷ প্ৰথম আৰ্হিত মণ্ডপটো 141 ফুট উচ্চতাৰ আছিল যদিও এতিয়া উচ্চতা 161 ফুটলৈ বঢ়াই দিয়া হয় ৷ চম্পুৰাই মন্দিৰটো দুমহলীয়া হোৱাটো বিচাৰিছিল, কিন্তু আৰ্হিৰ প্ৰতিসমৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰটো তিনিমহলীয়া কৰাৰ সিদ্ধান্ত লয় ৷ মন্দিৰটোত এটা বৃহৎ মুখ্য গম্বুজ আৰু 4 টা সৰু সৰু গম্বুজ স্থাপন কৰা হ’ব ৷

Ram Janmabhoomi or new Ram temple?
ৰাম জন্মভূমি নে নতুন ৰাম মন্দিৰ?

মন্দিৰটো 300 ফুট দৈৰ্ঘ আৰু 280 ফুট বহল হোৱাৰ লগতে ইয়াত 5 খন চোতাল থাকিব ৷ মূল মণ্ডপটো বন্ধ প্ৰাংগনৰ গৰ্ভত ৰখা হ’ব ৷ বিশেষকৈ ভগৱানৰ দৰ্শনৰ হেতু এই প্ৰাংগনৰ ব্যৱহাৰ কৰা হ’ব ৷ ইয়াৰোপৰি, প্ৰাৰ্থনা মণ্ডপ, কীৰ্তন মণ্ডপ, নৃত্য মণ্ডপ আৰু ৰংগ মণ্ডপ স্থাপন কৰা হ’ব, য’ত ভক্তসকলে ভিৰ কৰিব ৷ যিকোনো মূহুৰ্ততে কমেও 5,000-8,000 ভক্তই এই মণ্ডপত ভিৰ কৰিব পাৰিব ৷

ৰাজস্থানৰ বাঁচিপাণ্ড বালিৰ পাথৰেৰে নতুন ৰাম মন্দিৰৰ নিৰ্মাণ কৰা হ’ব ৷ মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় 1.75 লাখ কিউবিক ফুট বালিৰ পাথৰৰ প্ৰয়োজন হ’ব ৷ মন্দিৰটোত 212 টা খোদিত স্তম্ভ থাকিব ৷ ইয়াৰে 100 টাতকৈও অধিক স্তম্ভ ইতিমধ্যে 30 বছৰৰ পৰা VHPৰ সম্পূৰ্ণ সজ্জিত অযোধ্যাৰ কৰ্মশালাৰ দ্বাৰা খোদিত কৰা হৈছে ৷ উক্ত স্তম্ভসমূহৰ খোদাইৰ কাম অযোধ্যাৰ কৰ্মশালাৰ দ্বাৰা কৰা হৈছে ৷ এই স্তম্ভসমূহ দুটা পৰ্যায়ত একত্ৰিত কৰা হ’ব আৰু স্তম্ভসমূহ হিন্দু দেৱ-দেৱীৰ খোদাই তথা শোভাময় আৰ্হিত নিৰ্মাণ কৰা হ’ব ৷ নিৰ্মাণৰ দায়িত্বত থকা আশীষ চম্পুৰাই কয় যে, ‘‘মন্দিৰৰ মূল প্ৰৱেশ পথটো এনেদৰে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে, যাতে তাত ঠিয় হৈ থকা প্ৰত্যেকেই নিজ নিজ স্থানৰ পৰা দেৱ-দেৱীসকলক প্ৰত্যক্ষ কৰিব পাৰে’’ ৷ ভগৱান ৰামৰ এই ৰাম মন্দিৰটোৰ নিৰ্মাণ কাৰ্য প্ৰায় 3.5 বছৰত সম্পূৰ্ণ হৈ উঠিব বুলি চ’ম্পুৰা পৰিয়ালে বিশ্বাস কৰে ৷

এই ক্ষেত্ৰত ৰাম লাল্লা খুব আনন্দিত হৈছে ৷ ভূমি পূজনৰ দিনা তেওঁৰ দেৱতাই 9 টা মূল্যৱান ৰত্নৰ তৈয়াৰী বস্ত্ৰ পৰিধান কৰিব ৷ এই বস্ত্ৰ ভাগৱত পাহাৰীয়ে সাজি উলিয়ায়, যি বস্ত্ৰই ‘‘নৱগ্ৰহ’’ক প্ৰতিনিধিত্ব কৰিব ৷

লগতে পঢ়ক : ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ বাবে নিৰ্মাণ 1.25 লাখ মাটিৰ চাকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.