ETV Bharat / bharat

ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

author img

By

Published : Dec 11, 2019, 10:14 AM IST

ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হ'বলৈ বিজেপি নেতৃত্বাধীন এন ডি এ 121 টা ভোটৰ প্ৰয়োজন হ'ব ৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে !

ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা
ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

নিউজ ডেস্ক,11 ডিচেম্বৰঃ সোমবাৰে মাজনিশা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচত এতিয়া শাসক বিৰোধীৰ দৃষ্টি নিবদ্ধ হৈছে ৰাজ্যসভাত ৷ বুধবাৰে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ লোকসভাত দিনজোৰা বিতৰ্কৰ পাচত বিধেয়কখনৰ সপক্ষে 311 জন সাংসদে ভোটদান কৰাৰ বিপৰীতে বিধেয়কখনৰ বিৰুদ্ধে কেৱল 80 জন সাংসদেহে ভোটদান কৰিছিল ৷ ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হ'বলৈ বিজেপি নেতৃত্বাধীন এন ডি এ 121 টা ভোটৰ প্ৰয়োজন হ'ব ৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো জে ডি(ইউ,) শিৱসেনা, বিজেডি, আৰু পূৰ্বোত্তৰ ৰাজ্যৰ একাংশ দলে এন ডি এক সমৰ্থন দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হোৱাৰ আশংকা কৰা হৈছে ৷ সম্প্ৰতি ৰাজ্যসভাত আছে 245 জন সদস্য ইয়াৰে 5 খন আসন এতিয়াও খালী হৈ আছে ৷ বিশ্লেষকসকলৰ মতে যদি সকলো সদস্যই ভোটদান কৰে তেতিয়াহ'লে শাসকীয় দলটোক কেৱল 121টা ভোটৰহে প্ৰয়োজন হ'ব ৷ সেই সূত্ৰে ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ শক্তি হৈছে এনেধৰণৰ-

  • বিজেপি-83
  • বিজেডি-7
  • এ আই এ ডি এম কে-11
  • আকালী দল-3
  • শিৱসেনা-3
  • জে ডি ইউ -6
  • ৱাই এছ আৰ (কংগ্ৰেছ)-2
  • এল জে পি-1
  • আৰ পি আই-1
  • আৰু মনোনীত সদস্য-4 ৷

বিলৰ সপক্ষে এই সংখ্যা হয়গৈ 121 ৷

RAJYASABHA STRENGTH DETAILS REGARDING CAB ETV BHARAT ASSAM
ৰাজ্যসভাত দলীয় স্থিতি

কিমান আছে বিৰোধীৰ-
পৰিসংখ্যাৰ হিচাপত ৰাজ্যসভাত কেব প্ৰতিৰোধ কৰাৰ বাবে বিৰোধীৰ সংখ্যা সন্তোষজনক নহয়৷
বিৰোধীৰ শক্তি এনেধৰণৰ-

  • কংগ্ৰেছ-46
  • তৃণমূল কংগ্ৰেছ-13
  • সমাজবাদী পাৰ্টি-9
  • বাওপন্থী দল-5
  • ডি এম কে-5
  • আৰ জে ডি-4
  • এন চি পি-4
  • বি এছ পি-4
  • টিডিপি-2
  • মুছলিম লীগ-1
  • পিডিপি-2
  • জে ডি এছ-1
  • কেৰালা কংগ্ৰেছ-1
  • টি আৰ এছ-6
  • মনোনীত-1
  • আম আদমি পাৰ্টি-3

কেবৰ সপক্ষে বা বিপক্ষে অৱস্থান ল'ব পৰা স্থিতিত আছে আন কেবাটাও দলৰ সদস্য ৷ আন্দোলনমুখী পূৰ্বোত্তৰৰ ৰাইজৰ আশা আকাংক্ষা নিৰ্ভৰ কৰিব উল্লেখিত সাংসদসকলৰ ভূমিকাৰ ওপৰত৷ তেওঁলোক হৈছে-

  • অগপ-1
  • বিপি এফ-1
  • এম ডি এম কে-1
  • এন পি এফ-1
  • এছ ডি এফ-1
  • পি এম কে-1

বহু বিতৰ্কিত নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চল অগ্নিশিখাত দগ্ধ হৈ থকাৰ সময়তে দেশৰ ভিন্ন প্ৰান্ততো বিভিন্ন দল সংগঠনে এই বিধেয়কৰ বিৰোধিতাৰে আন্দোলন তীব্ৰতৰ কৰি তুলিছে ৷ বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু অস্তিত্বৰ সংকট সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বিধেয়কখনৰ বিৰুদ্ধে অসম তথা পূৰ্বোত্তৰৰ সাংসদসকলে কি স্থিতি গ্ৰহণ কৰে সেয়া এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে চাওকঃ কেব ভাৰতৰ আভ্যন্তৰীণ বিষয়; ইয়াকে লৈ বাহিৰৰ দেশৰ মন্তব্য নিষ্প্ৰয়োজনঃ পি.এল.পুনিয়া

Intro:Body:

RAJYASABHA DETAILS

ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

নিউজ ডেস্ক, 11 ডিচেম্বৰঃ সোমবাৰে মাজনিশা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচত এতিয়া শাসক বিৰোধীৰ দৃষ্টি নিবদ্ধ হৈছে ৰাজ্যসভাত ৷ বুধবাৰে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ লোকসভাত দিনজোৰা বিতৰ্কৰ পাচত বিধেয়কখনৰ সপক্ষে 311 জন সাংসদে ভোটদান কৰাৰ বিপৰীতে বিধেয়কখনৰ বিৰুদ্ধে কেৱল 80 জন সাংসদেহে ভোটদান কৰিছিল ৷ ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হ'বলৈ  বিজেপি নেতৃত্বাধীন এন ডি এ 121 টা ভোটৰ প্ৰয়োজন হ'ব ৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো জে ডি(ইউ,) শিৱসেনা, বিজেডি, আৰু পূৰ্বোত্তৰ ৰাজ্যৰ একাংশ দলে এন ডি এক সমৰ্থন দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হোৱাৰ আশংকা কৰা হৈছে ৷ সম্প্ৰতি ৰাজ্যসভাত আছে 245 জন সদস্য ইয়াৰে 5 খন আসন এতিয়াও খালী হৈ আছে ৷  বিশ্লেষকসকলৰ মতে যদি সকলো সদস্যই ভোটদান কৰে তেতিয়াহ'লে শাসকীয় দলটোক কেৱল 121টা ভোটৰহে প্ৰয়োজন হ'ব ৷ সেই সূত্ৰে ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ শক্তি হৈছে এনেধৰণৰ- 

বিজেপি-83

বিজেডি-7 

এ আই এ ডি এম কে-11

আকালী দল-3

শিৱসেনা-3

জে ডি ইউ -6

ৱাই এছ আৰ (কংগ্ৰেছ)-2

এল জে পি-1

আৰ পি আই-1

আৰু মনোনীত সদস্য-4 ৷ 

বিলৰ সপক্ষে এই সংখ্যা হয়গৈ 121 ৷ 

কিমান আছে বিৰোধীৰ-

পৰিসংখ্যাৰ হিচাপত ৰাজ্যসভাত কেব প্ৰতিৰোধ কৰাৰ বাবে  বিৰোধীৰ সংখ্যা সন্তোষজনক নহয়৷ 

বিৰোধীৰ শক্তি এনেধৰণৰ-

কংগ্ৰেছ-46

তৃণমূল কংগ্ৰেছ-13

সমাজবাদী পাৰ্টি-9

বাওপন্থী দল-5

ডি এম কে-5

আৰ জে ডি-4

এন চি পি-4

 বি এছ পি-4

টিডিপি-2

মুছলিম লীগ-1

পিডিপি-2

জে ডি এছ-1

কেৰালা কংগ্ৰেছ-1

টি আৰ এছ-6

মনোনীত-1

আম আদমি পাৰ্টি-3

কেবৰ সপক্ষে বা বিপক্ষে অৱস্থান ল'ব পৰা স্থিতিত আছে আন কেবাটাও দলৰ সদস্য ৷ আন্দোলনমুখী পূৰ্বোত্তৰৰ ৰাইজৰ আশা আকাংক্ষা নিৰ্ভৰ কৰিব উল্লেখিত সাংসদসকলৰ ভূমিকাৰ ওপৰত৷ তেওঁলোক হৈছে-

অগপ-1

বিপি এফ-1

এম ডি এম কে-1

এন পি এফ-1

এছ ডি এফ-1

পি এম কে-1

বহু বিতৰ্কিত নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চল অগ্নিশিখাত দগ্ধ হৈ থকাৰ সময়তে দেশৰ ভিন্ন প্ৰান্ততো বিভিন্ন দল সংগঠনে এই বিধেয়কৰ বিৰোধিতাৰে আন্দোলন তীব্ৰতৰ কৰি তুলিছে ৷ বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু অস্তিত্বৰ সংকট সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বিধেয়কখনৰ বিৰুদ্ধে অসম তথা পূৰ্বোত্তৰৰ সাংসদসকলে কি স্থিতি গ্ৰহণ কৰে সেয়া এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.