ETV Bharat / bharat

পৰিৱৰ্তনঃ পিছে দেশৰ উন্নয়নত নহয়, ৰাজ্যসভাতহে ! - Rajya sabha

250 সংখ্যক ৰাজ্যসভা অধিৱেশনৰ প্ৰথমটো দিনত দেখা গ'ল কিছু সাল-সলনি ৷ ন ৰূপত দেখা গ'ল ৰাজ্যসভাৰ অধ্যক্ষ আসনৰ দুয়োকাষে থকা মাৰ্চেলক ৷

250 সংখ্যক ৰাজ্যসভা অধিৱেশনৰ প্ৰথমটো দিন
author img

By

Published : Nov 19, 2019, 8:35 AM IST

নিউজ ডেস্ক, 19 নৱেম্বৰঃ সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিৱেশন ৷ 250 সংখ্যক ৰাজ্যসভা অধিৱেশনৰ প্ৰথমটো দিনত দেখা গ'ল কিছু সাল-সলনি ৷ ৰাজ্যসভাৰ অধ্যক্ষ আসনৰ দুয়োকাষে থকা মাৰ্চেলৰ পোচাকত পৰিৱৰ্তন প্ৰত্যক্ষ কৰা গ'ল ৷ অতি সাধাৰণ পোছাক পৰিধান কৰা মাৰ্চেল সমূহে সোমবাৰে সেনা বিষয়া সদৃশ পোচাক পৰিধান কৰা দেখা যায় ৷

সোমবাৰে অধ্যক্ষৰ দুয়োকাষে থকা মাৰ্চেল দুগৰাকীয়ে নীলা ৰঙৰ সেনা বিষয়া সদৃশ বস্ত্ৰ পৰিধান কৰে ৷ উচ্চ সদনৰ শীতকালীন অধিৱেশনত মাৰ্চেল সকলে নীলা বস্ত্ৰ পৰিধান কৰাৰ বিপৰীতে গ্ৰীষ্মকালীন অধিৱেশনত ভাৰতীয় নৌ-সেনাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব ৷

লগতে পঢ়কঃ শান্তি ঘূৰি অহাৰ প্ৰাকমুহূৰ্তত কেবৰ বাবে অশান্ত হ'ব উত্তৰ-পূৱ ভাৰত

ইপিনে, ৰাজ্যসভাৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন সেনা বিষয়া ভি পি মালিকে ৷ সোমবাৰে এক টুইটযোগে তেওঁ নিজৰ অসন্তুষ্টি ব্যক্ত কৰে ৷ তেওঁ কয় যে, এগৰাকী অসামৰিক বিষয়াই সামৰিক বস্ত্ৰ পৰিধান কৰাটো অবৈধ ৷

Intro:Body:

Rajya sabha marshals get military style uniform

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.