ETV Bharat / bharat

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অমৰনাথ ভ্ৰমণ - ভাৰতীয় সেনা আৰু আই টি বি পিৰ জোৱান

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুই দিনৰ জম্মু কাশ্মীৰ ভ্ৰমণৰ মাজতে শনিবাৰে চিডিএচ আৰু সেনা প্ৰধানৰ সৈতে ভ্ৰমণ কৰিলে অমৰনাথ মন্দিৰত । শনিবাৰে পুৱাই মন্দিৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্দিৰৰ ভিতৰৰ শিৱ লিংগত মূৰ দুৱাই কৰিলে পূজা অৰ্চনা । চিডিএচ বিপিন ৰাৱট আৰু সেনা প্ৰধান এম এম নৰৱনেক লগত লৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বিশ্ব শান্তিৰ লগতে সকলোৰে মঙ্গল কামনাৰে কৰিলে পূজাভাগ ।

Rajnath Singh to visit Amarnath Temple today
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অমৰনাথ ভ্ৰমণ
author img

By

Published : Jul 18, 2020, 11:37 PM IST

নিউজ ডেস্ক,১৮জুলাই:দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে অমৰনাথৰ পবিত্ৰ গুহা দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰাৰ ওপৰিও প্ৰায় এঘণ্টা সময় অতিবাহিত কৰিলে মন্দিৰ চৌহদত । অমৰনাথৰ পবিত্ৰ গুহাক হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান সমূহৰ ভিতৰতে গুৰুত্বপূৰ্ণ তীৰ্থস্থান বুলি ধৰা হয় । ইয়ালৈ প্ৰতি বছৰে হাজাৰোধিক ভক্তৰ সমাগম ঘটে ।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰৰ জম্মু কাশ্মীৰৰ ভ্ৰমণত লেহ আৰু লাডাখত উপস্থিত হৈ পাকিস্তান আৰু চীনৰ সৈতে লাগি থকা সীমান্তৰ সুৰক্ষাৰো সমীক্ষা কৰিব ।

উল্লেখ্য যে, শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে লুকুঙত উপস্থিত হৈ সীমান্তৰ শেষৰ এটা শিবিৰত ভাৰতীয় সেনা আৰু আই টি বি পিৰ জোৱানক সম্বোধন কৰিছিল । প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ভাৰত কেতিয়াও দুৰ্বল দেশ নহয় আৰু যদিহে কোনোৱে আমাৰ দেশৰ আত্মসন্মানত আঘাট দিয়াৰ চেষ্টা কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ।

তাৰোপৰি শুকুৰবাৰে শীৰ্ষ সেনা বিষয়া এটা দলৰ সৈতে জম্মু কাশ্মীৰৰ সম্পূৰ্ণ সুৰক্ষাৰ দিশটোৰ সমীক্ষা কৰাৰ লগতে পাকিস্তানৰ যিকোনো দুঃসাহসৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে নিৰ্দেশ দিলে । এই উচ্চ পৰ্যায়ৰ আলোচনাতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শসস্ত্ৰ সেনা বাহিনীক পাকিস্তানৰে লাগি থকা সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত চোকা দৃষ্টি দিবলৈকো নিৰ্দেশ প্ৰদান কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.