ETV Bharat / bharat

দশেৰা উপলক্ষে ফ্ৰান্সত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

author img

By

Published : Oct 6, 2019, 5:42 PM IST

দশেৰা উপলক্ষে ফ্ৰান্সৰ ৰাজধানী পেৰিছত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বায়ুসেনাৰ হৈ প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰি এইদৰে পূজা আগবঢ়াব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ( ফাইল ফটো)

নিউজ ডেস্ক, 6 অক্টোবৰঃ ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেই উপলক্ষে দুই-এদিনতে ফ্ৰান্স ভ্ৰমণলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ এই ভ্ৰমণৰ সময়চোৱাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰতিৰক্ষামন্ত্ৰীগৰাকী ৷

অধিক পঢ়কঃ বাৰামুলাত ধৃত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী

আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰাৰ পিচতে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনাৰ প্ৰথমখন ৰাফেল যুদ্ধবিমান ৷ 8 অক্টোবৰ তাৰিখে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰিব ৷

আনহাতে ৰাফেল যুদ্ধবিমানখন গ্ৰহণৰ পিচতেই প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে আগবঢ়াব "শস্ত্ৰ পূজা" ৷ ভাৰতীয় হিন্দু ৰীতি অনুসৰি, অস্ত্ৰ আৰু শস্ত্ৰ গ্ৰহণৰ পূৰ্বে এইদৰে প্ৰদান কৰা হয় "শস্ত্ৰ পূজা" ৷ দুৰ্গা পূজাৰ দশেৰাৰ দিনটোতে এইদৰে "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷

অধিক পঢ়কঃ সন্ত্ৰাসবাদীক চিনাক্ত কৰিবলৈ ভাৰতীয় ৰে'লৰ নতুন প্ৰযুক্তি

উল্লেখ্য যে, দেশৰ গৃহমন্ত্ৰী হৈ থকাৰ সময়টো ৰাজনাথ সিঙে আগবঢ়াইছিল "শস্ত্ৰ পূজা" ৷ আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ফ্ৰান্সত অহা 8 অক্টোবৰ তাৰিখে সিঙে সম্পন্ন কৰিব প্ৰথমটো "শস্ত্ৰ পূজা" ৷

Intro:Body:

দশেৰা উপলক্ষে ফ্ৰান্সত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰীয়ে 

দশেৰা উপলক্ষে ফ্ৰান্সৰ ৰাজধানী পেৰিছত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বায়ুসেনাৰ হৈ প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰি এইদৰে পূজা আগবঢ়াব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে৷ 

নিউজ ডেস্ক, 6 অক্টোবৰঃ ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেই উপলক্ষে দুই-এদিনতে ফ্ৰান্স ভ্ৰমণলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ এই ভ্ৰমণৰ সময়চোৱাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰতিৰক্ষামন্ত্ৰীগৰাকী ৷ 

আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰাৰ পিচতে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনাৰ প্ৰথমখন ৰাফেল যুদ্ধবিমান ৷ 8 অক্টোবৰ তাৰিখে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰথমখন ৰাফেল যুদ্ধবিমান গ্ৰহণ কৰিব ৷ 

আনহাতে ৰাফেল যুদ্ধবিমানখন গ্ৰহণৰ পিচতেই প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে আগবঢ়াব "শস্ত্ৰ পূজা" ৷ ভাৰতীয় হিন্দু ৰীতি অনুসৰি, অস্ত্ৰ আৰু শস্ত্ৰ গ্ৰহণৰ পূৰ্বে এইদৰে প্ৰদান কৰা হয় "শস্ত্ৰ পূজা" ৷ দুৰ্গা পূজাৰ দশেৰাৰ দিনটোতে এইদৰে "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ 

উল্লেখ্য যে, দেশৰ গৃহমন্ত্ৰী হৈ থকাৰ সময়টো ৰাজনাথ সিঙে আগবঢ়াইছিল "শস্ত্ৰ পূজা" ৷ আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ফ্ৰান্সত অহা 8 অক্টোবৰ তাৰিখে সিঙে সম্পন্ন কৰিব প্ৰথমটো "শস্ত্ৰ পূজা" ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.