ETV Bharat / bharat

আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

author img

By

Published : Oct 12, 2020, 9:08 AM IST

আজি দেশবাসীক অৰ্পন কৰা হ'ব সীমান্ত পথ নিৰ্মাণ সংস্থাই নিৰ্মাণ কৰা 44 খন সেতু ৷ লগতে টাৱাঙলৈ নিৰ্মাণ হ'ব লগা নেচিপু সুৰংগৰ সোমবাৰে আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে সাতখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত সীমান্ত পথ নিৰ্মাণ সংস্থাই নিৰ্মাণ কৰি উলিওৱা 44 খন সেতু দেশক সমৰ্পন কৰিব ৷

আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন
আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন

নেশ্যনেল ডেস্ক, 12 অক্টোবৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সীমান্ত পথ নিৰ্মাণ সংস্থাই সাতখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্মাণ কৰি উলিওৱা মুঠ 44 খন সেতু দেশবাসীক অৰ্পন কৰিবৰ বাবে সাজু হৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে সোমবাৰে এই সেতু কেইখন দেশবাসীক উৎসৰ্গা কৰিব ৷ ইয়াৰ লগতে টাৱাঙলৈ নিৰ্মাণ হ'ব লগা নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা এক টুইটত এই কথা উল্লেখ কৰা হৈছে যে ৰাজনাথ সিঙে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ দ্বাৰা নিৰ্মিত সেতু কেইখন সোমবাৰে দেশবাসীক অৰ্পন কৰাৰ লগতে নেচিপু সুৰংগৰ আধাৰশিলাও স্থাপন কৰিব ৷

  • Raksha Mantri Shri @rajnathsingh will dedicate to the nation, 44 Bridges made by BRO across 7 States/ UTs via video conferencing facility tomorrow at 10.00 AM. The foundation Stone for Nechiphu Tunnel on road to Tawang will also be laid during this event.

    — रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) October 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 3 অক্টোবৰ দেশবাসীৰ বাবে উদ্বোধন কৰা হৈছিল বিখ্যাত ৰোহটাং পাছস্থিত অটল সুৰংগ ৷ এই উদ্বোধনী অনুষ্ঠানত সিঙে কৈছিল যে , "মই এই সুৰংগৰ বিষয়ে বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰ সামৰিক গুৰুত্বক সকলোৱে বুজিছে ৷ ৰেচন, অস্ত্ৰ শস্ত্ৰ আৰু ৰচদ পাতিৰ দ্ৰুত পৰিবহন মই নিশ্চিত কৰিম ৷ ইয়াৰ ফলত আমি কম সময়তে জোৱানসকলক মোতায়েন কৰাত সক্ষম হ'ম ৷ দুখন দেশৰ সীমাত থাকি আমাৰ দেশৰ সীমাক ৰক্ষা কৰা সকলোলৈ এই সুৰংগ উৎসৰ্গা কৰা হৈছে ৷"

লগতে পঢ়ক: ছত্তিশগড়ত দুই দুৰ্ধৰ্ষ নক্সালবাদীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.