ETV Bharat / bharat

আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে - আৰ্মি কামাণ্ডাৰসকল

নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত 26 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত আজি অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই বৈঠকত সেনাৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহ সন্দৰ্ভত আলোচনা কৰা হয় ৷

আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

author img

By

Published : Oct 27, 2020, 10:44 AM IST

নিউজ ডেস্ক, 27 অক্টোবৰ : নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা আৰ্মি কামাণ্ডাৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ 26 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই কনফাৰেন্স 29 অক্টোবৰত অন্ত পৰিব ৷ মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্থলসেনাৰ এই বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব ৷

বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত 7টা কামাণ্ডৰ লগতে প্ৰশিক্ষণ আৰু সেনাৰ শৈক্ষিক-গাঁথনিগত থিয়েটাৰ কামাণ্ড তথা আন্দামান নিকোবৰ বিশেষ কামাণ্ডৰ কামাণ্ডাৰসকলৰ লগতে স্থলসেনাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ এই বৈঠকত স্থলসেনাৰ অতিকে গুৰুত্বপূৰ্ণ শৈক্ষিক, সামৰিক, গাঁথনিগত, প্ৰশিক্ষণ আৰু অধিগ্ৰহণ তথা নিৰ্মাণ আৰু মানৱ সম্পদ আঁচনিসমূহৰ বিষয়ে বিতংভাৱে আলোচনা অনুষ্ঠিত হয় ৷

এই বৈঠকত স্থলসেনাৰ উপ-সেনাধ্যক্ষকে ধৰি সেনা মুখ্যালয়ৰ মুখ্য ষ্টাফ বিষয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ 26 অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানত মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই বৈঠকত অংশগ্ৰহণ কৰে চিডিএছ, স্থলসেনাধ্যক্ষ, বায়ুসেনা প্ৰধান আৰু নৌ-সেনাপ্ৰধানে ৷

তৃতীয় দিনাৰ বৈঠকত আৰ্মি কামাণ্ডাৰসকলৰ বিভিন্ন এজেণ্ডাকে আন্দামান নিকোবৰ কামাণ্ডৰ কামাণ্ডাৰ ইন চীফে এক বিশেষ প্ৰস্তাৱ ৰাখিব ৷ বিশেষকৈ ভাৰতীয় সৈন্যবাহিনীৰ থিয়েটাৰ কামাণ্ডৰ বৰ্ধিত আঁচনি সন্দৰ্ভত এই বৈঠকত অধিক গুৰুত্ব পাব ৷

বৈঠকৰ শেষৰ দিনত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বৰ মহানিৰ্দেশকে সীমান্তৱৰ্তী অঞ্চলত হৈ থকা বিভিন্ন আন্তঃগাঁথনিগত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে আলোচনাত মিলিত হ'ব ৷ বৈঠকৰ শেষত স্পৰ্টছ ট্ৰফী, ফ্লাইট ছেফটি ট্ৰফী আৰু তাৰ পিচতে স্থলসেনাধ্যক্ষৰ ভাষণৰে এই আলোচনা অন্ত পৰিব ৷

লগতে পঢ়ক : মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.