নিউজ ডেস্ক, ২২ জুলাইঃ প্ৰতিৰাক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বুধবাৰৰ পৰা আৰম্ভ হৈছে বায়ুসেনা বাহিনীৰ কমাণ্ডো সন্মিলন। সন্মিলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সম্বোধনী ভাষণত মহামাৰী COVID-19ৰ সংকটৰ সময়ত বায়ুসেনা বাহিনীৰ যোগদান প্ৰশংসনীয় বুলি মত প্ৰকাশ কৰে । এই সংকটময় সময়ত ভাৰতীয় বায়ু সেনাৰ ভূমিকা দেশবাসীয়ে মনত ৰাখিব বুলিও উল্লেখ কৰে ৰাজনাথ সিঙে ।
উল্লেখ্য যে,ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াৰ উপস্থিত তিনিদিনীয়াকৈ আয়োজিত সন্মিলনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ভাৰতীয় বায়ুসেনা, যুঁজাৰু বিমান স্কোয়াড্ৰনৰ অভাৱ,বিশেষ সেনা বাহিনী মোতায়েন,মানুহ কঢ়িয়াব পৰা বিমানৰ প্ৰয়োজনীয়তা তথা বিমান চালনাৰ ক্ষমতা বৃদ্ধি কৰা বিষয় সন্দৰ্ভত চৰ্চা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।