ETV Bharat / bharat

তৃতীয় দিনাও জেৰাৰ সন্মুখীন হ'ব ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষ - CBI

পুৱা ১১ বজাত দুয়োকে হাজিৰ কৰা হয় চি বি আই আদালতত

ৰাজীৱ কুমাৰক চিবি আইৰ জেৰা
author img

By

Published : Feb 11, 2019, 2:29 PM IST

শ্বিলং, ১১ ফেব্ৰুৱাৰীঃ সোমবাৰে তৃতীয় দিনা CBI ৰ জেৰাৰ সন্মুখীন হ'ব কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ । চিটফাণ্ড সাৰদাৰ কেইবাশ কোটিটকীয়া কেলেংকাৰীৰ সন্দৰ্ভত যোৱা শনিবাৰৰৰ পৰা CBI ৰ এটা দলে ৰাজীৱ কুমাৰক শ্বিলংস্থত কাৰ্যালয়ত জেৰা চলাই আছে ।

ৰাজীৱ কুমাৰক চিবি আইৰ জেৰা
undefined

উল্লেখ্য যে, সাৰদা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুনাল ঘোষকো CBI এ দেওবাৰে শ্বিলঙত চলাইছিল জেৰা । দেওবাৰে ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষক CBI ৰ দলে পৃথকে পৃথকে জেৰা চলোৱাৰ লগতে দুয়োকে মুখামুখিকৈ বহুৱাই জেৰা কৰিছিল । সাৰদা কেলেংকাৰীৰ তদন্তৰ মাজতে দেওবাৰে অন্য এক চিটফাণ্ড কোম্পানী ৰ'জভেলীৰ তদন্তকাৰী বিষয়া শ্বিলঙৰ চি বি আই কার্যলায়ত উপস্থিত হয়। চিটফাণ্ড কোম্পানী ৰ'জভেলী কেলেংকাৰীৰ সন্দৰ্ভত পশ্চিম বংগৰ দুৰ্গাপুৰত এক গোচৰ ৰুজু হৈছিল কিন্তু কলকাতা এছ টি এফয়ে এই গোচৰ সম্পৰ্কে চি বি আইক কোনো ধৰণৰ জাননী প্ৰদান কৰা নাছিল। সোমবাৰে ৰাজীৱ কুমাৰক সাৰদাৰ লগতে ৰ'জভেলী কেলেংকাৰীৰ সন্দৰ্ভতো চি বি আইয়ে জেৰা চলাব বুলি জানিব পৰা গৈছে।

Intro:আজি তৃতীয় দিনা চি বি আইৰ জেৰাৰ সন্মুখীন হ'ব কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ। চিটফাণ্ড কোম্পানী সাৰদাৰ কেইবাশ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত যোৱা শনিবাৰৰ পৰা চি বি আইৰ এটা দলে ৰাজীৱ কুমাৰক শ্বিলঙৰ চি বি আই কার্যলায়ত জেৰা চলাই আছে।

Body:সাৰদা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুনাল ঘোষকো চি বি আইয়ে দেওবাৰে শ্বিলঙৰ চি বি আই কার্যলায়ত জেৰা চলাইছিল। দেওবাৰে ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষক চি বি আইৰ দলে পৃথকে পৃথকে জেৰা চলোৱাৰ লগতে দুয়োকে মুখামুখী বহুৱাই জেৰা কৰিছিল। সাৰদা কেলেংকাৰীৰ তদন্তৰ মাজতে দেওবাৰে অন্য এক চিটফাণ্ড কোম্পানী ৰজভেলীৰ তদন্তকাৰী বিষয়া শ্বিলঙৰ চি বি আই কার্যলায়ত উপস্থিত হয়। উল্লেখ যে চিটফাণ্ড কোম্পানী ৰজভেলীৰ কেলেংকাৰীৰ সন্দৰ্ভত পশ্চিম বংগৰ দুৰ্গাপূৰত এক গোচৰ ৰুজু হৈছিল কিন্তু কলকাতা এছ টি এফয়ে এই গোচৰ সম্পৰ্কে চি বি আইক কোনো ধৰণৰ জাননী প্ৰদান কৰা নাছিল। আজি ৰাজীৱ কুমাৰক সাৰদাৰ লগতে ৰজভেলী কেলেংকাৰীৰ সন্দৰ্ভতো চি বি আইয়ে জেৰা চলাব বুলি জানিব পৰা গৈছে।

Conclusion:ইতিমধ্যে চি বি আইৰ দল শ্বিলঙৰ চি বি আই কার্যলায়ত উপস্থিত হৈছে। কিছু সময় পিছত ইয়াত ৰাজীৱ কুমাৰ আৰু কুনাল ঘোষ উপস্থিত হ'ব। আজি পুনৰ দুয়োকে মুখামুখী বহুৱাই জেৰা কৰাৰ সম্ভাবনা আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.