নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ দেশৰ আমোলাতন্ত্ৰত বৃহৎ ৰদবদল ৷ সোমবাৰে ৰদবদল কৰা হয় সামৰিক বিভাগৰ দুই জেষ্ঠ আমোলা ৰাজীৱ সিঙ ঠাকুৰ আৰু শান্তনুক ৷ চীফ অফ ডিফেন্স ষ্টাফৰ অধীনত যুটীয়া সচিব হিচাপে দুয়োকে নিযুক্তি প্ৰদান কৰে ৷
চৰকাৰে যোৱা মাহত সামৰিক বিষয়ক বিভাগ স্থাপন কৰিছিল ৷ যাৰ প্ৰধানৰূপে চীফ অফ ডিফেন্স ষ্টাফ হিচাপে বিপিন ৰাৱাটক নিয়োগ কৰা হৈছিল ৷ ইয়াৰোপৰি নতুন বিভাগ কেন্দ্ৰীয় প্ৰতিৰক্ষা উৎপাদন আৰু বিকাশ আৰু ভুতপূৰ্ব সৈনিকৰ কল্যাণ বাবে চাৰিটা বৰ্তমানৰ উলম্ব সংযোজন কৰা হৈছে ৷
উল্লেখ্য যে ৰাজস্থান কেডাৰৰ 1995 বৰ্ষৰ আই.এ.এচ বিষয়া ৰাজীৱ সিঙ ঠাকুৰৰ কাৰ্যকাল 2022 চনৰ 3 ডিচেম্বৰ অন্ত পৰিব ৷ আনহাতে 1997 বৰ্ষৰ ত্ৰিপুৰা কেডাৰৰ আই.এ.এচ বিষয়া শান্তনুক 2024 চনৰ 27 মাৰ্চলৈ এই পদত নিযুক্ত কৰা হৈছে ৷
আৰু পঢ়কঃভাৰতত চাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ