নেশ্যনেল ডেস্ক, 19 জুলাই : ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে শনিবাৰে টুইটযোগে অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰণৰ অৰ্থে সকলো ভাৰতীয়কে সহায় আগবঢ়াবলৈ আহ্বান জনায় ৷
অশোক গেহলত চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰা সময়তে পাইলটে এই আহ্বান জনায় ৷ উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে পাইলটক ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়া হয় ৷
টুইটযোগে তেওঁ কয় যে, "অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা ৷ অসমত সুকীয়াকৈ 68 গৰাকীৰ মৃত্যু হৈছে ৷ সকলো ভাৰতীয়লৈ অনুৰোধ, সকলোৱে যাতে সহযোগিতাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণত সহায় আগবঢ়ায় ৷"
চৰকাৰী পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাচত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এইটো প্ৰথম টুইট ৷ উপ মুখ্যমন্ত্ৰী আৰু পিচিচি চীফ পদৰ পৰা বৰ্থাস্ত হোৱাৰ পাচত তেওঁ মন্তব্য দিয়ে যে, "truth can be rattled, not defeated" ৷ ইয়াৰ লগতে তেওঁ সকলো সমৰ্থনকাৰীক ধন্যবাদ জ্ঞাপন কৰে ৷ পাইলটে 18 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছিল ৷
লগতে পঢ়ক : গণিতজ্ঞ চি. এচ. শেশাদ্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোডীৰ শোকপ্ৰকাশ