নেশ্যনেল ডেস্ক,1 ডিচেম্বৰঃ বাৰাণসীত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে ৷ তেখেত টুইটযোগে কয়,প্ৰধানমন্ত্ৰী মোডীৰ বাৰাণসী ভ্ৰমণৰ দিনটোতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ধ্বংস কৰা কাৰ্যটো তীব্ৰ গৰিহণাৰ যোগ্য ৷ আৰক্ষীয়ে অতিশীঘ্ৰে দোষীক আটক কৰি উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷
তেখেতে আৰু কয়,দেশৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা মহান নেতাসকলক অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷
উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে বাৰাণসীত নিজৰ সংসদীয় ক্ষেত্ৰ ভ্ৰমণ কৰিছিল ৷ আৰু সেই সময়তেই কোনো দুৰ্বৃত্তই ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তিত চিয়াঁহী নিক্ষেপ কৰে ৷ পৰৱৰ্তী সময়ত বাৰাণসীৰ জিলা কৰ্তৃপক্ষই প্ৰতিমূৰ্তিটো পৰিস্কাৰ কৰাৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক-24 ঘন্টাত দেশত 31,118 জন লোক ক'ৰণাত আক্ৰান্তঃ অসমত 159 জন