ETV Bharat / bharat

৪৪খন 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ নিৰ্মাণৰ কাম বাতিল

author img

By

Published : Aug 22, 2020, 1:07 PM IST

১৬টা দবাযুক্ত ৪৪খন 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰিলে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে । চীনা কোম্পানীৰ অংশীদাৰিত্ব থকা চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সসহ ৬টা কোম্পানীয়ে টেণ্ডাৰ দিছিল । এসপ্তাহৰ ভিতৰত নতুন টেণ্ডাৰ মুকলি কৰিব ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে । নতুন টেণ্ডাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব ভাৰতীয় কোম্পানীয়ে ।

'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ নিৰ্মাণৰ টেণ্ডাৰ বাতিল ৰে'ল মন্ত্ৰালয়ৰ

নিউজ ডেস্ক, ২২আগষ্ট : চীনৰ ৫৭টা এপৰ ব্যৱহাৰ ভাৰতত নিষিদ্ধ কৰাৰ পিছত পুনৰ চীনৰ ওপৰত মোক্ষম আঘাত ভাৰতৰ । এইবাৰ মুখথেকেচা খালে ভাৰতীয় কোম্পানীত অংশীদাৰিত্ব থকা চীনা কোম্পানীয়ে । শুকুৰবাৰে ৪৪খন 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰিলে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে । ইলেক্ট্ৰনিক ট্ৰেইন 'ট্ৰেইন১৮'ৰ ইলেক্ট্ৰনিক উপাদান যোগানৰ বাবে চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সসহ ৬টা কোম্পানীয়ে টেণ্ডাৰ দিছিল । চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সত চীনা কোম্পানীৰ অংশীদাৰিত্ব থকা বাবেই টেণ্ডাৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে । এসপ্তাহৰ ভিতৰত নতুন টেণ্ডাৰ মুকলি কৰি দিয়া হ'ব । 'মেক ইন ইণ্ডিয়া'ৰ অধীনত নতুন টেণ্ডাৰৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানীয়ে অগ্ৰাধিকাৰ লাভ কৰিব বুলি ৰে'ল মন্ত্ৰালয়ে জানিবলৈ দিছে ।

চেন্নাইস্থিত 'ইণ্টিগ্ৰেল কোচ্ছ ফেক্টৰী'য়ে ইলেক্ট্ৰনিক ট্ৰেইন 'ট্ৰেইন১৮'ৰ ইলেক্ট্ৰনিক উপাদান যোগানৰ বাবে চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সক আমন্ত্ৰণ জনাইছিল । 'ট্ৰেইন১৮'ৰ নিৰ্মাণৰ দ্বায়িত্বত আছে 'ইণ্টিগ্ৰেল কোচ্ছ ফেক্টৰী' । ২০১৮চনৰ অক্টোবৰ মাহৰ পৰা ৮০% স্বদেশী উপকৰণেৰে 'ট্ৰেইন১৮'ৰ নিৰ্মাণৰ কাম চলাই আহিছে প্ৰতিষ্ঠানটোৱে । 'ট্ৰেইন১৮'ৰ ইলেক্ট্ৰনিক উপাদান যোগানৰ বাবে চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সসহ ৬টা কোম্পানীয়ে টেণ্ডাৰ দিছিল । চিআৰআৰচি পায়'নিয়াৰ ইলেক্ট্ৰিক্সত চীনা কোম্পানীৰ অংশীদাৰিত্ব থকা বাবেই টেণ্ডাৰ বাতিল কৰিলে 'ইণ্টিগ্ৰেল কোচ্ছ ফেক্টৰী'ৰ স্বত্বাধিকাৰী ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে ।

লগতে পঢ়কঃ চাৰধাম তীৰ্থযাত্ৰীলৈ যাতায়ত সুচল কৰাৰ চেষ্টা অব্যাহত আছে : ৰে'লমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.