নিউজ ডেস্ক, 7 এপ্ৰিলঃ সোমবাৰে ভাৰতীয় ৰেল'ৱেয়ে প্ৰকাশ কৰে যে, লক ডাউনৰ প্ৰথম 10 দিনত ৰেল'ৱেৰ হেল্পনাইন নম্বৰত প্ৰায় 1.25 লাখ প্ৰশ্ন আহিছিল । গ্ৰাহকৰ এই সমূহ প্ৰশ্নৰ প্ৰায় 87 শতাংশৰে উত্তৰ মানব হস্তক্ষেপৰ দ্বাৰা দিয়া হৈছে । ভাৰতীয় ৰেল'ৱেৰ দ্বাৰা এই হেল্পালাইন নম্বৰ মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা 21 দিনীয়া লকডাউন ঘোষণা কৰাৰ পাচত ।
এই নিয়ন্ত্ৰণ কক্ষটো সঞ্চালক পৰ্যায়ৰ বিষয়াইদ্বাৰা সঞ্চালিত হৈ আছে , যিয়ে ফেচবুক, ইমেইল বা আন ছ'চিয়েল মাধ্যমেৰে অহা জনসাধাৰণৰ মতামত সমূহ চোৱা-চিতা কৰাৰ লগতে সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰে আৰু যাতায়ত সুচল কৰাৰ চেষ্টা কৰে ।
এই হেল্পলাইন 24x7 ৰ বাবে খোলা থাকে । চাৰিটা প্লেটফৰ্মত এই হেল্পলাইন উপলব্ধ । হেল্পলাইন নম্বৰ-139,138, টুইটাৰ, আৰু ইমেইল ।
হেল্পলাইন নম্বৰ 139ত 80,000 প্ৰশ্ন এটা এটাকৈ 10 দিনত আহিছিল, যি সমূহৰ উত্তৰ দিয়া হৈছিল ।