ETV Bharat / bharat

আজি হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল, প্ৰিয়ংকাই

author img

By

Published : Oct 3, 2020, 5:13 PM IST

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদৰ এক প্ৰতিনিধিৰ দলে শনিবাৰে হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই জানিবলৈ দিয়ে এই কথা ৷

Rahul, Priyanka to visit Hathras victim's family today
আজি হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল, প্ৰিয়ংকাই

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদৰ এক প্ৰতিনিধিৰ দলে শনিবাৰে হাথৰছ পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই জানিবলৈ দিয়ে এই কথা ৷

তথ্য অনুসৰি, এই প্ৰতিনিধিৰ দলৰ সৈতে থাকিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বদ্ৰাও ৷ এই দলটোৱে পৰিয়ালৰ সৈতে মিলিত হৈ তেওঁলোকৰ অভিযোগসমূহ শুনাৰ লগতে ন্যায়ৰ বাবে দাবী জনাব ৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে. চি. ভেনুগোপালে টুইটাৰৰ জৰিয়তে কয়, "উত্তৰ প্ৰদেশৰ হাথৰছত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা 19 বৰ্ষীয় পীড়িতাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদৰ এক প্ৰতিনিধিৰ দলে ৷"

1 অক্টোবৰত পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ চেষ্টা কৰা বাবে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ বহু নেতা আৰু সদস্যক আৰক্ষীয়ে আটক কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিল ৷

  • हमारे प्रदेश अध्यक्ष श्री अजय लल्लू जी, हमारे जिलाध्यक्षों व 500 से अधिक कार्यकर्ताओं को घर पर नजरबंद कर दिया गया है

    योगी जी न्याय की लड़ाई लड़ने वालों पर रोक मत लगाइए।

    अपराध पर रोक लगाइए।

    — UP Congress (@INCUttarPradesh) October 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

''Hathrashorror'' হেছটেগৰ জৰিয়তে ৰাহুল গান্ধীয়ে হিন্দী ভাষাত টুইটাৰত কৈছিল, "পীড়িতা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি উত্তৰ প্ৰদেশ চৰকাৰ আৰু আৰক্ষীৰ ব্যৱহাৰ মই কেতিয়াও মানি নলওঁ ৷ কোনো ভাৰতীয়ই ইয়াক মানি নলয় ৷"

যোগী চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰিছিল যে, উত্তৰ প্ৰদেশ চৰকাৰ নৈতিকভাৱে ভ্ৰষ্টাচাৰী ৷ তেওঁ লগতে কৈছিল, "এই ব্যৱহাৰ দেশে গ্ৰহণ নকৰে ৷ পীড়িতাৰ পৰিয়ালক ভিতিগ্ৰস্ত কৰা বন্ধ কৰক ৷"

উল্লেখ্য যে, 14 ছেপ্তেম্বৰত এগৰাকী দলিত যুৱতীক চাৰিজন লোকে হাথৰছত ধৰ্ষণ কৰিছিল ৷ ইয়াৰ পাচতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক দিল্লীৰ ছফদৰজং হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু তাতে তেওঁ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

বুধবাৰে পুৱতি নিশাৰ ভাগত পীড়িতাৰ অন্তিম সংস্কাৰ কৰা হৈছিল আৰু পৰিয়ালে অভিযোগ কৰা অনুসৰি সেই কাৰ্যত পৰিয়ালক উপস্থিতিত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে ৷

স্থানীয় আৰক্ষীয়ে দাবী কৰা অনুসৰি, পৰিয়ালৰ সন্মতি অনুসৰিয়ে এই অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল ৷

লগতে পঢ়ক : আইপিএল 2020 : বেংগালুৰৰ বিৰুদ্ধে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ৰাজস্থানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.