ETV Bharat / bharat

মেগা ফুড পাৰ্কত গেছ যোগান ধৰিবলৈ বাধা দিছিল মনমোহন সিঙে

author img

By

Published : Apr 29, 2019, 10:25 AM IST

ভাৰত মাতৃক দুভাগত বিভক্ত কৰিব বিচৰা কাশ্মীৰৰ নেতা য়াচিন মালিকৰ সৈতে কংগ্ৰেছে একেলগে কাম কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে স্মৃতি ইৰাণীয়ে । য়াচিন মালিকৰ বিৰুদ্ধে চাৰিগৰাকী ভাৰতীয় বায়ু সেনা জোৱানক হত্যা কৰাৰ অভিযোগ থকাৰ পাচতো কংগ্ৰেছে তেওঁৰ ওচৰত শিৰনত হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মেগা ফুড পাৰ্কত গেছ যোগান ধৰিবলৈ বাধা দিছিল মনমোহন সিঙে

আমেঠি, ২৯ এপ্ৰিলঃ পুনৰ বাৰ ৰাহুল গান্ধীক কটু সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ । ৰাহুল গান্ধীয়ে সততে কৈ খকা মেগা ফুড পাৰ্কত গেছ যোগান ধৰিবলৈ মনমোহন সিং চৰকাৰৰ দিনতে লিখিতভাৱে বাধা দিয়া হৈছিল । সংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ।

তেওঁ কয়, " ৰাহুল গান্ধীয়ে মিছা কথা কৈ আমেঠিবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে । কৃষকৰ উন্নতিৰ কথা কোৱা কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে নিজেই কৃষকৰ মাটি হস্তগত কৰিছে । " লগতে আদালতে নিৰ্দেশ দিয়াৰ পাচতো ৰাহুল গান্ধীয়ে বিগত তিনি বছৰ ধৰি কৃষকৰ ভূমি বেদখল মুক্ত কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে বিজেপিৰ নেত্ৰীগৰাকীয়ে ।

কেৱল এয়াই নহয়, ভাৰত মাতৃক দুভাগত বিভক্ত কৰিব বিচৰা কাশ্মীৰৰ নেতা য়াচিন মালিকৰ সৈতে কংগ্ৰেছে একেলগে কাম কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে স্মৃতি ইৰাণীয়ে । য়াচিন মালিকৰ বিৰুদ্ধে চাৰিগৰাকী ভাৰতীয় বায়ু সেনা জোৱানক হত্যা কৰাৰ অভিযোগ থকাৰ পাচতো কংগ্ৰেছে তেওঁৰ ওচৰত শিৰনত হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে আমেঠীৰ পৰা মেগা ফুড পাৰ্কৰ আঁচনি মোডী চৰকাৰে কাঢ়ি লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ।

Rahul lying on Amethi food park issue: Irani
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.