ETV Bharat / bharat

কেৰালাত আদিবাসী ছাত্ৰক 175টা স্মাৰ্ট টেলিভিছন প্ৰদান ৰাহুল গান্ধীৰ

author img

By

Published : Jul 2, 2020, 1:04 PM IST

কেৰালাত আদিবাসী শিক্ষাৰ্থীসকলক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰদান কৰে 175টা স্মাৰ্ট টেলিভিছন৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে আৰম্ভ কৰা অনলাইন ক্লাছৰ সুবিধা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰদান কৰে এই সুবিধা৷

Rahul Gandhi provides 175 smart televisions to Wayanad tribal students for online education
কেৰেলাত আদিবাসী ছাত্ৰক 175টা স্মাৰ্ট টেলিভিছন প্ৰদান ৰাহুল গান্ধীৰ

নিউজ ডেস্ক,2জুলাই:ডাউনৰ বাবে দেশজুৰি বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান৷ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে অনলাইন ক্লাছৰ ব্যৱস্থা৷ কিন্তু বহুসংখ্যক শিক্ষাৰ্থীয়ে লাভ কৰা নাই এই সুবিধা৷ কিয়নো অললাইন মাধ্যমেৰে শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নাই উপযুক্ত সুবিধা৷

অন্য প্ৰান্তৰ সমান্তৰালকৈ কেৰালাতো আৰম্ভ হৈছে অনলাইন ক্লাছ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ দ্ধাৰা আৰম্ভ কৰা অনলাইন ক্লাছৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে ওয়ায়নাড জিলাৰ কলপেট্টা চহৰৰ আদিবাসী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে 175টাকৈ স্মাৰ্ট টেলিভিছন৷

অন্য এক খবৰৰ বাবে: দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য

কেৰালা চৰকাৰে কোভিড-19ৰ মহামাৰীৰ মাজতে বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ পাছতে kite victers নামৰ চেনেল আৰু অন্যান্য অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আৰম্ভ কৰিছিল অনলাইন ক্লাছ৷শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই ব্যৱস্থা কৰা পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে 175টাকৈ স্মাৰ্ট টেলিভিছন৷ নেতাগৰাকীৰ এই সহায়ত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা হ'ব বুলি উল্লেখ কৰে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে৷

ইফালে, কংগ্ৰেছ নেতাগৰাকীৰ জন্মদিনৰ দিনা আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন ক্লাছৰ সুবিধাৰ্থে ৰাহুল গান্ধীয়ে জিলা প্ৰশাসনক প্ৰদান কৰিছিল 50টা টেলিভিছন৷ জিলা কংগ্ৰেছ কমিতিৰ অধ্যক্ষ আই সি বালকৃষ্ণই টেলিভিছন বিতৰণৰ বাবে কলপেট্টাৰ সাংসদ কাৰ্যালয়ত বুধবাৰে উপস্থিত হৈ এই কথা উল্লেখ কৰে৷ বালকৃষ্ণই কয় যে, সাংসদ ৰূপত থকা ৰাহুল গান্ধীয়ে লক ডাউনৰ সময়ত ৰাইজক বহু সহায় কৰিছে৷ যেতিয়া 1জুনৰ পৰা অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল তেতিয়া ওয়ায়নাডৰ বহু শিক্ষাৰ্থীয়ে অনলাইন ক্লাছৰ সুবিধা ল'ব পৰা নাছিল৷

অন্য এক খবৰৰ বাবে: কোভিড-19ঃ মুখ্য সচিব,ৰাজ্যপাললৈ পত্ৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব আৰু ICMRৰ মহানিৰ্দেশকৰ

ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী আৰু ওয়ায়নাডৰ উপায়ক্ত অদিলা অব্দুলালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ পত্ৰত আদিবাসী শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে সহায়তৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷ 100টাতকৈও অধিক টেলিভিছন প্ৰদান কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক সহায় কৰিছে৷ কোঝীকোড আৰু মলপ্পুৰম জিলাত এই টেলিভিছন সমূহ প্ৰদান কৰা হৈছে বুলি বালকৃষ্ণই উল্লেখ কৰে৷

ইয়াৰ পূৰ্বেও কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰেলাৰ মু্খ্যমন্ত্ৰী পিনাৰাই বিজয়নলৈ লিখা এখন পত্ৰত আদিবাসী শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ সন্দৰ্ভত উল্লেখ কৰিছিল৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাইছিল কংগ্ৰেছ নেতাগৰাকীয়ে৷

ওয়ায়নাডৰ সাংসদে উল্লেখ কৰা অনুসৰি, কোভিড-19 মহামাৰীয়ে এই বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত এক মহত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে৷ কেৰেলা চৰকাৰৰ ফাষ্ট বেলৰ অধিনত 'ডিজিটেল শ্ৰেণীকোঠা'ৰ দৰে এক অভিনৱ পদক্ষেপ হাতত লোৱা হৈছে৷

অন্য এক খবৰৰ বাবে: দীৰ্ঘতম স্থলযাত্ৰা : লণ্ডনৰ পৰা কলকাতালৈ ‘এলবাৰ্ট’ৰ ভ্ৰমণ কাহিনী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 1জুনত লিখা পত্ৰত লক ডাউনৰ সময়ত ডিজিটেল মাধ্যমক এটা বিকল্প হিচাপে শিক্ষাৰ মাধ্যমত লোৱা হৈছে বুলি উল্লেখ কৰে৷ কিন্তু ইয়াৰ দ্ধাৰা সুবিধাসমূহ লাভ কৰিবলৈ হ'লে স্মাৰ্টফোন,কম্পিউটাৰ, টেলিভিছনৰ লগতে ইন্টাৰনেট'ৰো প্ৰয়োজন আছে৷ এইবোৰৰ ওপৰতে নিৰ্ভৰশীল ডিজিটেল মাধ্যমৰ শিক্ষা৷ কিন্তু পৰ্যাপ্ত সুবিধাৰ অভাৱত শিক্ষাৰ্থীসকলে এই সুবিধা গ্ৰহণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে৷ এই ক্ষেত্ৰত কেৰালাৰ মু্খ্যমন্ত্ৰীৰ ভূমিকা অতি প্ৰয়োজন বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পত্ৰত উল্লেখ কৰে৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.