নিউজ ডেস্ক, ৬ মাৰ্চ : প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা চুৰি হ'ল ৰাফেল বিমান চুক্তিৰ নথি-পত্ৰ। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ আগত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে। এই সম্বন্ধত কেন্দ্ৰই অনুসন্ধান অব্যাহত ৰখা বুলি ন্যায়ালয়ৰ আগত সদৰী কৰিছে ।
উচ্চতম ন্যায়ালয়ত ৰাফেল যুদ্ধবিমানৰ শুনানি চলি থকা সময়তে এটৰ্ণী জেনেৰেল কে কে বেনুগোপালে ন্যায়ালয়ত এই বিষয়ে অৱগত কৰে। বেনুগোপালে প্ৰকাশ কৰা অনুসৰি, ৰাফেল বিমান সন্দৰ্ভত আদালতত আবেদন দাখিল কৰা আবেদনকাৰীয়ে লংঘন কৰিছে অফিছিয়েল চিক্ৰেট এক্ট। তথ্য প্ৰমাণ হিচাপে যি নথি-পত্ৰ আদালতত দাখিল কৰা হৈছিল সেই নথি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা চুৰি কৰা হৈছে।
উল্লেখ্য যে, ৰাফেল যুদ্ধবিমান ক্ৰয় কৰা সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালৰ দাৰস্থ হৈছিল বিভিন্নজন। এই গোচৰত ন্যায়ালয়ে ইতিমধ্যেই কেন্দ্ৰক প্ৰদান কৰিছে ক্লীনচিট। কিন্তু উচ্চতম ন্যায়ালৰ ৰায়দানৰ পুনৰ বিচাৰৰ বাবে আদালতত বিভিন্নজনে আবেদন দাখিল কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা ৰাফেল চুক্তি গোচৰৰ শুনানিত পোহৰলৈ আহিছে তথ্য চুৰি হোৱা কথা। কেন্দ্ৰৰ হৈ গোচৰত এটৰ্ণী জেনেৰেল বেনুগোপালে প্ৰকাশ কৰে যে, কোনো পূৰ্ব মন্ত্ৰী বা মন্ত্ৰণালয়ৰ কৰ্মীয়ে এই চুৰি কাৰ্য সংঘটিত কৰিছে। এই সংবেদনশীল বিষয়টোৰ নিষ্পত্তিকৰণৰ বাবে অতি গুৰুত্বসহকাৰে কেন্দ্ৰ চৰকাৰে কাৰ্য অব্যাহত ৰাখিছে বুলিও ন্যায়ালয়ক অৱগত কৰে এটৰ্ণী জেনেৰেলগৰাকীয়ে।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)