ETV Bharat / bharat

আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই

author img

By

Published : Jun 17, 2020, 6:47 AM IST

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে কয় যে, আমেৰিকাত কৃষ্ণাংগসকলৰ সৈতে হোৱা বৰ্ণবৈষম্য আৰু ভাৰতৰ দলিতসকলৰ সৈতে হোৱা ব্যৱহাৰৰ মাজত কোনো পাৰ্থক্য নাই ৷

আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই
আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই

নিউজ ডেস্ক, 17 জুন : আমেৰিকাৰ প্ৰচলিত বৰ্ণবৈষম্যবাদ আৰু কৃষ্ণাংগসকলৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে ৷ কৃষ্ণাংগসকলৰ জীৱন গুৰুত্বপূৰ্ণ বুলি বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে বিশ্বব্যাপী এক আন্দোলন ইতিমধ্যেই আৰম্ভ হৈছে ৷ আমেৰিকাত প্ৰায় 4 মিলিয়ন ইণ্ডিয়ান আমেৰিকান আছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে কয় যে, আমেৰিকাত কৃষ্ণাংগসকলৰ সৈতে হোৱা বৰ্ণবৈষম্য আৰু ভাৰতৰ দলিতসকলৰ সৈতে হোৱা ব্যৱহাৰৰ মাজত কোনো পাৰ্থক্য নাই ৷ আমেৰিকাত হৈ থকা প্ৰতিবাদক লৈ অধিকাংশ ভাৰতীয়ই কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ আমেৰিকাত কোনো ভাৰতীয় সংগঠনে ইয়াক লৈ আগবাঢ়ি অহা নাই ৷ তেওঁ লগতে উল্লেখ কৰে যে, অধিকাংশ ভাৰতীয়ক যদি চোৱা হয়, এই প্ৰতিবাদক লৈ তেওঁলোকে কোনোধৰণে মুৰ-ঘমাব বিচৰা নাই ৷ আমেৰিকাত এই প্ৰতিবাদ সৰ্বাধিনায়কত্ববাদৰ বিৰুদ্ধে হৈছে আৰু ভাৰতত এই ঘটনা জাতিবাদক লৈ সততে উত্থাপন হয় ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে

ভাৰতীয়সকলে প্ৰথমে এই আন্দোলনক স্বীকৃতি প্ৰদান কৰাৰ লগতে নিজকে বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে অধিক শিক্ষিত কৰি তোলাৰ প্ৰয়োজন আছে ৷ আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.