গুৱাহাটী, 15মেঃ ৰাজ্যৰ ৰাজনীতি এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যসভা নিৰ্বাচনক লৈ। কিয়নো ৰাজ্যসভাত খালি হবলগীয়া অসমৰ দুখন আসনৰ বাবে ৭ জুনত অনুষ্ঠিত হব নিৰ্বাচন। বিধানসভাত বৰ্তমানে থকা বিধায়কৰ সংখ্যাৰ ফালৰ পৰা উক্ত দুয়োখন আসনেই বিজেপিৰ হাতত থাকিব বুলি আপাতঃ দৃষ্টিত কব পাৰি যদিও কাৰ্যতঃ তেনেকুৱা নোহোৱাৰ সম্ভাৱনাই বেছি।
ৰজ্যসভা নিৰ্বাচনঃ শূণ্যত থমকিব নেকি বিজেপি - বিজেপি
সাতে পাচে মিলি পূৰ্ব প্ৰতিশ্ৰুতি ৰক্ষাৰ স্বাৰ্থত ৰাজ্যসভাৰ দুয়োখন আসনেই হয়তো বিজেপিয়ে মিত্ৰদলক এৰি দিবলগীয়া হব পাৰে।
ৰজ্যসভা নিৰ্বাচনঃ শূণ্যত থমকিব নেকি বিজেপি
গুৱাহাটী, 15মেঃ ৰাজ্যৰ ৰাজনীতি এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যসভা নিৰ্বাচনক লৈ। কিয়নো ৰাজ্যসভাত খালি হবলগীয়া অসমৰ দুখন আসনৰ বাবে ৭ জুনত অনুষ্ঠিত হব নিৰ্বাচন। বিধানসভাত বৰ্তমানে থকা বিধায়কৰ সংখ্যাৰ ফালৰ পৰা উক্ত দুয়োখন আসনেই বিজেপিৰ হাতত থাকিব বুলি আপাতঃ দৃষ্টিত কব পাৰি যদিও কাৰ্যতঃ তেনেকুৱা নোহোৱাৰ সম্ভাৱনাই বেছি।
Intro: গুৱাহাটী, ১৫ মে' : ৰাজ্যৰ ৰাজনীতি এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যসভা নিৰ্বাচনক লৈ। কিয়নো ৰাজ্যসভাত খালি হবলগীয়া অসমৰ দুখন আসনৰ বাবে ৭ জুনত অনুষ্ঠিত হব নিৰ্বাচন। বিধানসভাত বৰ্তমানে থকা বিধায়কৰ সংখ্যাৰ ফালৰ পৰা উক্ত দুয়োখন আসনেই বিজেপিৰ হাতত থাকিব বুলি আপাতঃ দৃষ্টিত কব পাৰি যদিও কাৰ্যতঃ তেনেকুৱা নোহোৱাৰ সম্ভাৱনাই বেছি।
Body:কিয়নো NDA ৰ অংশীদাৰ হিচাপে লোক জনশক্তি পাৰ্টিৰ মুৰব্বী ৰামবিলাস পাছোৱানক অসমৰ পৰা ৰাজ্যসভাৰ এখন আসনত বিজয়ী কৰি নিয়াৰ প্ৰতিশ্ৰুতি দি থৈছিল বিজেপিয়ে। এতিয়া বিজেপিৰ বাবে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ সময়। সেইমৰ্মেই এখন আসন বিজেপিয়ে ৰামবিলাস পাছোৱানক এৰি দিবলৈ দায়বদ্ধ । আনহাতে বাকী থকা আনখন আসনো বিজেপিয়ে এৰি দিব লাগিব মিত্ৰদল অগপক। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে মাজনিশা হোটেল ৰেডিছন ব্লুত হোৱা অগপ-বিজেপিৰ বুজাবুজিৰ অন্যতম চৰ্তই আছিল ৰাজ্যসভাত অগপক এখন আসন বিজেপিয়ে এৰি দিব। ইয়াৰোপৰি লোকসভা নিৰ্বাচনতো অগপক বিজেপিয়ে এৰি দিব তিনিখন আসন। যিটো চৰ্ত ইতিমধ্যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰণ কৰিছে।
Conclusion:এতিয়া সাতে পাচে মিলি পূৰ্ব প্ৰতিশ্ৰুতি ৰক্ষাৰ স্বাৰ্থত ৰাজ্যসভাৰ দুয়োখন আসনেই হয়তো বিজেপিয়ে মিত্ৰদলক এৰি দিবলগীয়া হব পাৰে। যদি অৱশেষত সেয়াই হয় তেন্তে বিজেপিৰ বাবে সেয়াও হব আন এক খেলিমেলি অংক।