ETV Bharat / bharat

73 বছৰৰ অন্তত শিখসকলক অৰ্পণ গুৰুদ্বাৰ - শিখ সম্প্ৰদায়

1947 চনৰ পিছত চহৰখনৰ কেন্দ্ৰত অৱস্থিত শিৰি গুৰু সিং নামৰ গুৰুদ্বাৰটো এ পি ডব্লিউ এ চৰকাৰী হাইস্কুলৰ ৰূপত দীৰ্ঘদিনে ব্যৱহাৰ কৰি অহা হৈছিল ৷ প্ৰান্তীয় সংসদীয় সচিব আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা দীনেশ কুমাৰে বুধবাৰে শিখ সম্প্ৰদায়ক এই গুৰুদ্বাৰটো অৰ্পণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷

73 বছৰৰ অন্তত শিখসকলক অৰ্পণ গুৰুদ্বাৰ
73 বছৰৰ অন্তত শিখসকলক অৰ্পণ গুৰুদ্বাৰ
author img

By

Published : Jul 23, 2020, 1:58 PM IST

Updated : Jul 23, 2020, 8:04 PM IST

কুৱেট্টা,23 জুলাই: ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বেলুচিস্তান চৰকাৰে প্ৰায় 200 বছৰীয়া এটি গুৰুদ্বাৰ 73 বছৰৰ মুৰত অৰ্পণ কৰে শিখ সম্প্ৰদায়ক ৷ বৃহস্পতিবাৰে দেশখনৰ স্থানীয় সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পায় ৷ ডন নিউজত প্ৰকাশিত বাতৰি অনুসৰি, 1947 চনৰ পিছত চহৰখনৰ কেন্দ্ৰত অৱস্থিত শিৰি গুৰু সিং নামৰ গুৰুদ্বাৰটো এ পি ডব্লিউ এ চৰকাৰী হাইস্কুলৰ ৰূপত দীৰ্ঘদিনে ব্যৱহাৰ কৰি অহা হৈছিল ৷ প্ৰান্তীয় সংসদীয় সচিব আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা দীনেশ কুমাৰে বুধবাৰে শিখ সম্প্ৰদায়ক এই গুৰুদ্বাৰটো অৰ্পণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷

তদুপৰি পূৰ্বে বিদ্যালয় হিচাপে ব্যৱহৃত গুৰুদ্বাৰটোত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক সমীপৱৰ্তী বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ কথা জানিবলৈ দিয়ে ৷ বেলুচিস্তান চৰকাৰৰ এই সিদ্ধান্তক হাঁহিমুখে আদৰি শিখ সম্প্ৰদায় সমিতিৰ অধ্যক্ষ চৰ্দাৰ জসবীৰ সিঙে এয়া সম্প্ৰদায়টোলৈ বেলুচিস্তান চৰকাৰৰ উপহাৰ হিচাপে গণ্য কৰে ৷ বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ লগতে চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছত ৰাষ্ট্ৰখনৰ পূব প্ৰান্তৰ শিখসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ প্ৰায় 73 বছৰৰ অন্তত সম্প্ৰদায়টোৱে গুৰুদ্বাৰটো উভোটাই পাবলৈ সক্ষম হয় ৷ এতিয়াৰে পৰা উক্ত গুৰুদ্বাৰত দৈনিক প্ৰাৰ্থনা অনুষ্ঠিত হোৱাৰো এক ঘোষণা জাৰি কৰে জসবীৰ সিঙে ৷ প্ৰদেশখনত প্ৰায় 2000 শিখ সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে ৷

উল্লেখ্য যে, এই বৰ্ষৰে ফেব্ৰুৱাৰী মাহত বেলুচিস্তান চৰকাৰে 200 বছৰীয়া এটি পুৰণি মন্দিৰ হিন্দুসকলক অৰ্পণ কৰিছিল ৷ উক্ত মন্দিৰটো পূৰ্বে চৰকাৰী বালক বিদ্যালয় ৰূপে ব্যৱহাৰ কৰি অহা হৈছিল ৷

লগতে চাওকঃ তিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত

Last Updated : Jul 23, 2020, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.