ETV Bharat / bharat

অযোগ্য ঘোষণা জাননী ক্ষমতাক লৈ অধ্যক্ষক প্ৰশ্ন উত্থাপন কৰাটো ভাবিবলগীয়া

author img

By

Published : Jul 25, 2020, 6:59 PM IST

উচ্চতম ন্য়ায়ালয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ে,ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষই বিৰোধী বিধায়কসকলক অযোগ্য ঘোষণা কৰা বিষয়টোক প্ৰত্যাহ্বান জনোৱাটো ইতিমধ্যেই উচ্চতম ন্য়ায়ালয়ৰ পাঁচজনীয়া খণ্ড বিচাৰপীঠে 28 বছৰ আগতেই সমাধা কৰি থৈছে ৷ এই সন্দৰ্ভত কৃষ্ণানন্দ ত্ৰিপাঠীৰ এক প্ৰতিবেদন ৷

অযোগ্য ঘোষণা জাননী ক্ষমতাক লৈ অধ্যক্ষক প্ৰশ্ন উত্থাপন কৰাটো ভাবিবলগীয়া
অযোগ্য ঘোষণা জাননী ক্ষমতাক লৈ অধ্যক্ষক প্ৰশ্ন উত্থাপন কৰাটো ভাবিবলগীয়া

ৰাজস্থান বিধানসভাৰ বিৰোধী বিধায়কসকলক অযোগ্য বুলি ঘোষণা কৰা বিষয়ক লৈ বিধানসভাৰ অধ্যক্ষক প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত উচ্চতম ন্য়ায়ালয় আৰু ৰাজস্থান উচ্চ ন্য়ায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাই চিন্তাৰ কাৰণ হৈ পৰিছে যদিও ইয়াক 28 বছৰ আগতেই উচ্চতম ন্য়ায়ালয়ৰ পাঁচজনীয়া খণ্ড বিচাৰপীঠে সমাধা কৰি থৈছে ৷ সংবিধান সন্দৰ্ভত এগৰাকী বিশেষজ্ঞই এই কথা প্ৰকাশ কৰিছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত, লোকসভাৰ প্ৰাক্তন সাধাৰণ সচিব পিডিটি আচাৰ্যই কয় যে,বৰ্তমানৰ ঘটনাটোত,ৰাজস্থান উচ্চ ন্য়ায়ালয় আৰু উচ্চতম ন্য়ায়ালয়ে কংগ্ৰেছৰ বিৰোধী বিধায়কসকলে দলীয় সভাত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ লগতে তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ ক্ষমতাক লৈ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি লোৱাত সন্মতি দিছে ৷

15 জুলাই ৰাজস্থান বিধানসভাৰ অধ্যক্ষ চিপি যোশীয়ে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু 18গৰাকী কংগ্ৰেছ বিধায়কক অশোক গেহলটৰ চৰকাৰৰ সপক্ষে আয়োজন কৰা দলীয় সভাত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ পিচতে এই সন্দৰ্ভত জাননী জাৰী কৰিছিল ৷

"অধ্যক্ষই নিয়মৰ ভিতৰতে জাননী জাৰী কৰিছে, যিসমূহ নিয়ম সংবিধানৰ 10ম অনুসূচীৰ অধীনত গ্ৰহণ কৰা হৈছে আৰু ইয়াক সদনে সন্মতি প্ৰদান কৰিছিল ৷ এই অধিনিয়মৰ অধীনত আবেদনকাৰীয়ে তেওঁলোকৰ কাৰণসমূহ জনাব পাৰে, অধ্যক্ষৰ মতে নহয় ৷" পিডিটি আচাৰ্যই কয় ৷

আচাৰ্যই কয় যে, বিৰোধী বিধায়কক জাননী জাৰী কৰা অধ্যক্ষৰ ক্ষমতাক ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কিহোতো হোল্লোহান ঘটনাত 1992 চনত শুদ্ধ বুলি কৈছে, য'ত ন্যায়িক পুনৰীক্ষণ অধ্যক্ষৰ সিদ্ধান্তৰ পিচতহে গ্ৰহণ কৰিব পাৰি, আৰু আদালতে ইয়াৰ পূৰ্বে হস্তক্ষেপ কৰিব নোৱাৰে ৷

"1992 চনত প্ৰদান কৰা আইনত অধ্যক্ষৰ কৰ্মৰ ওপৰত কোনো ন্যায়িক হস্তক্ষেপৰ সিদ্ধান্ত তেওঁৰ ফাইনেল সিদ্ধান্তৰ আগে আগে গ্ৰহণ কৰিব নোৱাৰে ৷" ইটিভি ভাৰতৰ আগত এইদৰে কয় আচাৰ্যই ৷

ৰাজস্থানত, উচ্চ ন্য়ায়ালয়ে যথা স্থিতিৰ নিৰ্দেশ প্ৰদান কৰে, যিয়ে শচীন পাইলটৰ পক্ষত থকা বিৰোধী বিধায়কসকলৰ বিৰুদ্ধে কোনো সিদ্ধান্ত লোৱাৰ বাবে এইসময়ত বিধানসভাৰ অধ্যক্ষক কাৰ্যক্ষমভাৱে বাধা প্ৰদান কৰিছে ৷

আন এক সকাহ প্ৰদান কৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ে, শচীন পাইলটে প্ৰদান কৰা আবেদনত 1985ৰ দলবদলি বিৰোধী আইনৰ দৰে ঘটনাত জড়িত গুৰুত্বপূৰ্ণ সাংবিধানিক নীতিত কেন্দ্ৰীয় চৰকাৰক পক্ষ ল'বলৈ অনুমতি প্ৰদান কৰে ৷

"ইয়ে বুজায় যে, আপুনি অধ্যক্ষৰ জাননীৰ বিষয়টোক প্ৰত্যাহ্বান জনাব পাৰে, জাননীৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাব পাৰে ৷" উচ্চ ন্য়ায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত এইদৰে কয় আচাৰ্যই ৷

দলবদলি বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা

আইনৰ অধীনত, অযোগ্য ঘোষণা কৰা জাননী দুটা ক্ষেত্ৰত প্ৰেৰণ কৰিব পাৰি ৷ প্ৰথমে এগৰাকী বিধায়কে দলীয় নীতি অৱজ্ঞা কৰিলে আৰু দ্বিতীয়তে তেওঁ স্বেচ্ছাই দলীয় সদস্যতা ত্যাগ কৰিলে ৷

"স্বেচ্ছাই দল ত্যাগ কৰা সন্দৰ্ভত সংবিধানত কোনো কথা উল্লেখ কৰা হোৱা নাই যদিও উচ্চতম ন্যায়ালয়ে বিভিন্ন ঘটনাত ইয়াক বিশ্লেষণ কৰিছে ৷" আচাৰ্যই এইদৰে কয় ৷

"তেনে এক ঘটনাত উচ্চতম ন্যায়ালয়ে কৈছিল যে, গৱৰ্ণৰৰ ওচৰত কিছুসংখ্যক বিৰোধী সদস্যক লৈ এগৰাকী বিধায়কে গৈ তেওঁক চৰকাৰ ভংগ কৰিবলৈ অনুৰোধ কৰাটোৱে বিধায়কগৰাকীয়ে স্বেচ্ছাই দলত্যাগ কৰাটোৰ যথেষ্ট প্ৰমাণ ৷" এগৰাকী সদস্যৰ এটা কাৰ্যই যথেষ্ট প্ৰমাণ বুলি এইদৰে আচাৰ্যই কয় ৷

অধ্যক্ষই কিদৰে অযোগ্যতাৰ জাননী জাৰী কৰিব

আচাৰ্যই কয় যে, এবাৰ যেতিয়া এগৰাকী সদস্যৰ অযোগ্য ঘোষণা কৰা আবেদন উত্থাপন হয়, তেতিয়া অধ্যক্ষই নিয়ম অনুসৰি, তেওঁলৈ জাননী জাৰী কৰিব পাৰে ৷

"এক নিয়মে কয় যে, আবেদনকাৰীয়ে নিজকে নিৰ্দিষ্ট কাৰণ দৰ্শাই অযোগ্য বুলি ঘোষণা কৰাৰ বিষয়ে উল্লেখ কৰিব লাগিব ৷ এইক্ষেত্ৰত আবেদনকৰ্তাই নিজকে সন্তুষ্ট বুলি দৰ্শাব লাগিব আৰু অধ্যক্ষই নহয় ৷" তেওঁ কয় ৷

ইয়াৰ পিচতেই এই বিষয়ে অধ্যক্ষই সদস্যৰ উত্তৰৰ ভিত্তিত তথা দলৰ মতামত শুনাৰ পিচত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷ ইয়াত তথ্যসমূহো পৰীক্ষণ কৰিব লাগিব ৷

অধ্যক্ষই সদস্যসকলক ব্যক্তিগতভাৱেও শুনিব লাগিব, আৰু এইসমূহ আইনৰ ভিতৰত থাকি কৰিব লাগিব ৷ এইসমূহৰ পিচতেই অধ্যক্ষই ঘটনাটো বিচাৰ কৰিব পাৰিব ৷ আচাৰ্যই কয় ৷ তেওঁ কয়, যেতিয়া অধ্যক্ষই তেওঁ সিদ্ধান্ত প্ৰকাশ কৰিব, আদালতে ইয়াক পুনৰীক্ষণ কৰিব আৰু এইটো আদালতৰ ওপৰত নিৰ্ভৰশীল, আদালতে ইয়াক গ্ৰহণ কৰিব নে নকৰে ৷

উচ্চতম ন্যায়ালয়ে দলসলনি আইনৰ সমীক্ষা কৰিব নেকি ?

ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষ চিপি যোশীৰ আবেদনখনৰ শুনানিৰ পিচত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া খণ্ড বিচাৰপীঠে এই বিষয়ে বিস্তৃতভাৱে শুনানি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

শীৰ্ষ আদালতে, শচীন পাইলটৰ নেতৃত্বত বিৰোধী বিধায়কসকলে ৰাজস্থান উচ্চ ন্যায়ালয়ত প্ৰদান কৰা আবেদনত কোনো ন্যায় প্ৰতিৰোধ কৰাটো অস্বীকাৰ প্ৰকাশ কৰে ৷

"এই বিষয়ে সমীক্ষাৰ কথা যিমানে উত্থাপন হয় তাৰ কাৰণ হৈছে ইতিমধ্যেই ইয়াক এক সাংবিধানিক বিচাৰপীঠে 1992ত আলোচনা কৰিছে, প্ৰথমে উচ্চ ন্য়ায়ালয়ত আৰু তাৰ পিচত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া খণ্ড বিচাৰপীঠত ৷" আচাৰ্যই কয় ৷

"যথাসম্ভৱ তেওঁলোকে এক ডাঙৰ বিচাৰপীঠত এই বিষয়টো সমাধান কৰিব ৷ এয়া সম্ভৱপৰ ৷ সেইটো পাঁচজনীয়া খণ্ড বিচাৰপীঠ আছিল, এতিয়া সাতজনীয়া খণ্ড বিচাৰপীঠে কৰিব ৷" তেওঁ লগতে কয় ৷ "ইয়াক উচ্চতম ন্য়ায়ালয়ে সমাধা কৰিব লাগিব, কিয়নো বেলেগ কৰ্তৃত্বই ইয়াক সমাধা কৰিব নোৱাৰে ৷"

ধাৰা 174 অধীনত গৱৰ্ণৰৰ ক্ষমতা

এইসময়ত ৰাজস্থানৰ ৰাজনীতি অধিক গম্ভীৰ হৈ পৰিছে, কিয়নো অশোক গেহলটে শুকুৰবাৰে গৱৰ্ণৰ কালৰাজ মিশ্ৰাক বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ কৈছে, যাতে তেওঁৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে ৷

"ধাৰা 174ৰ অধীনত, গৱৰ্ণৰে সদনত চমন জাৰী কৰিব পাৰে, কিন্তু এইক্ষেত্ৰত মন্ত্ৰীপৰিষদৰ উপদেশ ল'ব লাগিব ৷ আমাৰ সংবিধানত গৱৰ্ণক স্বাধীন কৰ্তৃত্ব দিয়া হোৱা নাই ৷" আচাৰ্যই কয় ৷

তথ্য অনুসৰি, গৱৰ্ণৰ কালৰাজ মিশ্ৰাই ৰাজ্য চৰকাৰৰ নিৰ্দেশনা সমূহ গ্ৰহণ কৰা নাই আৰু অধিৱেশন অনুষ্ঠিত কৰা কোনো তাৰিখ উল্লেখ নকৰা আৰু ৰাজ্যিক কেবিনেটৰ পৰা অনুমতি নোহোৱা বাবে ইয়াক ৰাজ্যখনৰ সংসদীয় পৰিক্ৰমা বিভাগলৈ ঠেলি দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.