ETV Bharat / bharat

9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ - 9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ

কৰ’ণা মহামাৰীৰ বাবে বিগত 9 মাহে বন্ধ হৈ আছিল ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰৰ দ্বাৰ ৷ শেহতীয়াকৈ কৰ’ণা মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত জগন্নাথ মন্দিৰ পুনৰ খোলাৰ বাবে যো-জা চলাইছে মন্দিৰ পৰিচালনা কমিটিয়ে ৷

Puri Lord Jagannath temple reopens after 9 months owing to Covid 19 pandemic etv bharat news
দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ
author img

By

Published : Dec 23, 2020, 1:05 PM IST

Updated : Dec 23, 2020, 1:41 PM IST

পুৰী,23 ডিচেম্বৰ: হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক সুখবৰ ৷ সুদীৰ্ঘ বিৰতিৰ মূৰত খোল খাব ওড়িশাৰ জগন্নাথ মন্দিৰৰ প্ৰৱেশদ্বাৰ ৷ কৰ’ণা মহামাৰীৰ বাবে বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল মন্দিৰটো ৷ জিলা প্ৰশাসনে ইয়াৰ বাবে এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মন্দিৰ দৰ্শনৰ বাবে সমাগম ঘটিবলগীয়া ভক্তসকলে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি চলি জগন্নাথ মহাপ্ৰভূৰ দৰ্শন কৰিব পাৰিব ৷ ইয়াৰ বাবে মন্দিৰ কৰ্তৃপক্ষই সুকীয়া সুকীয়া দৰ্শনৰ সময় নিৰ্ধাৰণ কৰিছে ৷

9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ

ভক্তসকলে মন্দিৰ দৰ্শন কৰিবলৈ অহাৰ 48 ঘণ্টাৰ পূৰ্বে কোভিড 19 ৰ পৰীক্ষা কৰিব লাগিব ৷ কিন্তু ভক্তসকল মন্দিৰলৈ আহোতে কোনোধৰণৰ ফুল,নৈবেদ্য আৰু তুলসী আনিব নোৱাৰিব বুলি জনাইছে মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই ৷

লগতে চাওকঃ বিবাহপাশত আৱদ্ধ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল

Last Updated : Dec 23, 2020, 1:41 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.