নেশ্যনেল ডেস্ক, ১১ জুন: বৃহস্পতিবাৰে পঞ্জাৱ আৰক্ষীয়ে লস্কৰ-ই-তৈবা (এলইটি)ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে আৰু উপত্যকাটোৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সন্ত্ৰাসবাদী দুজনৰ পৰা এটা AK-47 ৰাইফল,২টা Magazine আৰু ৬০ টা Live Cartridges উদ্ধাৰ কৰে আৰক্ষীয়ে। সন্ত্ৰাসবাদী দুজনৰ নাম আমীৰ হুছেইন ৱানী আৰু ৱাচিম হাছান ৱানী বুলি জানিব পৰা গৈছে।

পঞ্জাৱৰ পৰা কাশ্মীৰ ঘাটিলৈ অস্ত্ৰ সৰবৰাহ কৰাৰ সময়ত পাঠানকোট আৰক্ষীয়ে আটক কৰে সন্ত্ৰাসবাদী দুজনক। ডিজিপি দিনকৰ গুপ্তাই জানিবলৈ দিয়ে যে, তালাচীৰ অন্তত এখন ট্ৰাকৰ পৰা বন্দুক আৰু বোমা-বাৰুদ উদ্ধাৰ কৰা হৈছে । সন্ত্ৰাসবাদী দুজনৰ সোধ-পোছ কৰাত গম পোৱা গৈছে যে,পঞ্জাৱৰ ইশফাক আহমেদ ডাৰে এই অস্ত্ৰসমূহ নিয়াৰ নিৰ্দেশ দিছিল। জন্মু কাশ্মীৰৰ এজন প্ৰাক্তন কনিষ্টবল বচীৰ আহমেদ খান,যিজন এতিয়া লস্কৰ-ই-তৈবাৰ এজন সক্ৰিয় সন্ত্ৰাসবাদী ।
আমীৰ হুছেইন ৱানীয়ে জানিবলৈ দিয়ে যে,তেওঁ ইশফাক আহমেদ ডাৰ আৰু ড০ ৰমীজ ৰাজাৰ নিৰ্দেশমৰ্মে অস্ত্ৰৰ দ্বাৰা ২০ লাখতকৈও অধিক টকা একগোট কৰিছিল, যিবোৰ এতিয়া বন্দী হৈ আছে ।
লগতে পঢ়ক: তিনিচুকীয়াত আটক এনএছচিএন(আৰ) কেডাৰ