ETV Bharat / bharat

বিষাক্ত সুৰা পান কৰি পাঞ্জাৱত 80 জনৰ মৃত্যু

author img

By

Published : Aug 1, 2020, 8:13 PM IST

Updated : Aug 1, 2020, 11:16 PM IST

পাঞ্জাৱত বিষাক্ত সুৰা ট্ৰেজেদী ৷ পাঞ্জাৱ আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিছে 25 জন অভিযুক্তক ৷ ছীল কৰা হৈছে কেইবাখনো ধাবা ৷ বহু কেইটা অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰৰ তথ্য লাভ কৰিছে পাঞ্জাৱ আৰক্ষীয়ে ৷

PUNJAB POLICE ARREST 17 MORE IN HOOCH TRAGEDY, TAKING TOTAL ARRESTS TO 25
বিষাক্ত সুৰা পান কৰি পাঞ্জাৱত 80 জনৰ মৃত্যু

নিউজ ডেস্ক , 1 আগষ্টঃ পাঞ্জাৱত সংঘটিত হোৱা বিষাক্ত সুৰাপানৰ এক ঘটনাত 80 গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা ৷ ঘটনা সন্দৰ্ভত এতিয়ালৈকে আটক কৰা হৈছে 25 জন অভিযুক্তক ৷ ঘটনা সন্দৰ্ভত শতাধিক অভিযান চলাই পাঞ্জাৱ আৰক্ষীয়ে বিষাক্ত থলুৱা সুৰা যোগান ধৰা অভিযুক্ত কেইজনক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শ্বাম্ভু, পাটিয়ালা আৰু ৰাজপুৰাৰ কেইবাখনো ধাবা ইতিমধ্যে ছীল কৰি দিছে পাঞ্জাৱ আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৷

উল্লেখ্য যে, পাঞ্জাৱৰ টাৰ্ণটাৰান নামৰ অঞ্চলটোত বিষাক্ত থলুৱা সুৰা পান কৰি বহু কেইজনৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছিল কেইবাজনো ব্যক্তি ৷ পাঞ্জাৱ আৰক্ষীৰ তথ্য মতে, বহু মৃতকৰ পৰিয়ালে ইতিমধ্যে আৰক্ষীক অৱগত নকৰাকৈয়ে মৃতদেহ সৎকাৰ কৰাত মৃতকৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই ৷

বহু কেইটা অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰৰ তথ্য লাভ কৰিছে পাঞ্জাৱ আৰক্ষীয়ে

আৰক্ষীৰ অভিযানত ৰাজ্যখনত অবৈধ সুৰাৰ বহু কেইটা চক্ৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷ এই কথা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান দীপাংকৰ গুপ্তাই ৷ কেৱল মাত্ৰ বাঘাউৰা নামৰ গাঁওখনৰ দুজন ব্যক্তিৰ ঘৰৰ পৰাই আৰক্ষীয়ে জব্দ কৰিছে 750 লিটাৰ অবৈধ সুৰা ৷ জিলমিল নামৰ এজন ধাবাৰ পৰা 200 লিটাৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে ধাবাখনৰ গৰাকীক ৷ টাৰ্ণটাৰাণৰ পৰা অমৃতসৰলৈ অবৈধ সুৰা সৰবৰাহ কৰা চক্ৰৰ মূল অভিযুক্ত গোবিন্দৰবিৰ সিঙ এতিয়া জালত পৰিছে আৰক্ষীৰ ৷ উল্লেখ্য যে, অমৃতসৰ গ্ৰাম্য জিলাৰ মাফিয়া হিচাপেও বহু অভিযোগ আছে গোৰবিন্দৰৰ বিৰুদ্ধে ৷

লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ ভিত্তিত ৫ আগষ্টত SCৰ শুনানি

Last Updated : Aug 1, 2020, 11:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.