ETV Bharat / bharat

5 বজাত গুৱাহাটী পাব কোভিড-19 প্ৰতিষেধক কঢ়িয়াই অনা বিশেষ বিমান

author img

By

Published : Jan 12, 2021, 1:42 PM IST

Updated : Jan 12, 2021, 2:42 PM IST

পুণেৰ পৰা পুৱা 8 বজাত দেশৰ দিল্লীলৈ ৰাওনা হয় প্ৰতিষেধক ভৰ্তি প্ৰথমখন বিমান । পুণেৰ পৰা বিমানেৰে দেশৰ 14 টা স্থানলৈ প্ৰথমে প্ৰেৰণ কৰা হ'ল প্ৰতিষেধকসমূহ । মুম্বাইলৈ কুল ষ্টক কল্ড লিমিটেডৰ বিশেষ ট্ৰাকেৰে প্ৰতিষেধকসমূহ পঠিওৱা হৈছে । গুৱাহাটীত 5 বজাত উপস্থিত হ’ব প্ৰতিষেধকভৰ্তি বিমানখন ৷

পুণেৰ পৰা দেশৰ ১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ

নিউজ ডেস্ক, 12 জানুৱাৰী : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অহা 16 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । তাৰ পূ্ৰ্বে ইতিমধ্য়ে দেশৰ ভিন্ন প্ৰান্তলৈ পুণেৰ চিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া(এছআইআই)ৰ পৰা প্ৰতিষেধক পঠিওৱা হৈছে । মঙলবাৰে পুৱা 5 বজাৰ পূৰ্বেই এছআইআইৰ পৰা প্ৰতিষেধকভৰ্তি শীত তাপ নিয়ন্ত্ৰিত ট্ৰাক ৰাওনা হৈছে পুণেৰ বিমান বন্দৰলৈ, য'ৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ পঠিওৱা হয় প্ৰতিষেধক সমূহ । ট্ৰাকসমূহ ওলোৱাৰ পূৰ্বে এক বিশেষ পূজাৰো আয়োজন কৰা হয় । প্ৰতিখন ট্ৰাকত 32 কিলোগ্ৰাম ওজনৰ মুঠ 478 টা বাকচ আছিল ।

১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ
১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ

পুণেৰ পৰা এয়াৰ ইণ্ডিয়া, স্পাইচজেট আৰু ইণ্ডিগ’ৰ 9 খন বিমানেৰে দেশৰ 14 টা স্থানলৈ প্ৰথমে প্ৰেৰণ কৰা হ'ল প্ৰতিষেধকসমূহ । দিল্লী, কলকাতা, চেন্নাই, বেংগালুৰু, কৰ্ণাল, হায়দৰাবাদ, আহমেদাবাদ, বিজয়ৱাড়া, গুৱাহাটী, শ্বিলং, পাটনা, লক্ষ্ণৌ, ছণ্ডীগড় আৰু ভুৱনেশ্বৰলৈ পঠিওৱা হৈছে 56.5 লাখ প্ৰতিষেধকৰ টীকা । ইফালে আন চহৰ সমূহলৈ বিমানেৰে পঠিওৱাৰ বিপৰীতে মুম্বাইলৈ কুল ষ্টক কল্ড লিমিটেডৰ বিশেষ ট্ৰাকেৰে প্ৰতিষেধক পঠিওৱা হৈছে ।

১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ
১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ

প্ৰতিষেধক ভৰ্তি ট্ৰাক বিমান বন্দৰ পোৱাৰ পিছতে পুৱা প্ৰায় 8 বজাৰ লগে লগে প্ৰতিষেধক লৈ প্ৰথমখন স্পাইচ জেট বিমান ৰাওনা হৈছে ৰাজধানী চহৰ দিল্লীলৈ । প্ৰতিষেধক বিমানত ভৰ্তি কৰাৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰি বিমান কৰ্তৃপক্ষই বিশেষ টুইট কৰা দেখা গ'ল । ইতিমধ্যে দিল্লী বিমানবন্দৰত উপস্থিত হৈছে প্ৰতিষেধকভৰ্তি বিশেষ বিমানখন ৷ সূত্ৰই জানিবলৈ দিয়া মতে, 10 বজালৈকে দিল্লীৰ উপৰিও আন স্থানসমূহলৈও প্ৰায় 7 খন বিমান ৰাওনা হৈছে প্ৰতিষেধক লৈ । ইয়াৰ ভিতৰত কলকাতা, পাটনা, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আৰু আহমেদাবাদত ইতিমধ্যেই উপস্থিত হৈছে বিমানসমূহ ৷ গুৱাহাটীত প্ৰায় 5 বজাত উপস্থিত হ’ব প্ৰতিষেধক কঢ়িয়াই অনা বিমানখন ৷

১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ
১৩ খন চহৰলৈ কভিড-১৯ প্ৰতিষেধক প্ৰেৰণ

উল্লেখ যে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য়ৰ মুখ্য়মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ মাজতে উল্লেখ কৰিছিল যে ভাৰতৰ এই অভিযান বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদানৰ অভিযান হ'ব । কিয়নো বিগত এটা মাহত বিশ্বৰ প্ৰায় 50 খন দেশৰ মাত্ৰ 2.5 কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে; কিন্তু ভাৰতত আগন্তুক কেইটামান মাহৰ ভিতৰত 30 কোটিৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব । 12 জানুৱাৰীৰ পৰা হ'ব লগা প্ৰতিষেধক প্ৰদানৰ বাবে ইতিমধ্য়ে কেন্দ্ৰীয় চৰকাৰে এছআইআই আৰু ভাৰত বায়’টেকৰ পৰা প্ৰথম পৰ্যায়ত 6 কোটিৰো অধিক প্ৰতিষেধক বিচাৰিছে । লগতে এই প্ৰতিষেধক স্বাস্থ্য় কৰ্মচাৰী আৰু কৰ'ণা যোদ্ধাক প্ৰথমে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ।

লগতে পঢ়ক :2021 ৰ পিয়ল জাতিৰ ভিত্তিত হোৱা পক্ষপাতি ৰাজ্যিক মন্ত্ৰী আথৱালে

Last Updated : Jan 12, 2021, 2:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.