নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজধানী দিল্লীৰ বহু স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ দিল্লীৰ জামা মছজিদ চৌকতো নামাজৰ পাচতে মুছলমান ধৰ্মৰ লোকসকলে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীৰ সৈতে যোগ দিয়ে কংগ্ৰেছ নেতা অলকা লাম্বা, মুদিত আগৰৱাল আৰু ছোয়েব ইকবালে ৷ মছজিদ চৌকত বহুসংখ্যক প্ৰতিবাদকাৰীয়ে আইনখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
প্ৰাক্তন বিধায়ক অলকা লাম্বাই কয় যে, এই আইনখন পূৰ্বেও 9 বাৰকৈ সংশোধন কৰা হৈছে ৷ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনখন প্ৰথমে অসম তথা উত্তৰ-পূৱ ভাৰতৰ বাবে আছে বুলি ভাবিছিল যদিও এয়া এতিয়া সমগ্ৰ দেশৰ বাবে অনা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে লাম্বাই ৷
এই সম্পৰ্কত মুদিত আগৰৱালে কয় যে, 1947 চনত ভাৰত বিভক্ত হৈছিল যদিও মৌলানা আজাদ, পণ্ডিত নেহৰু আৰু মহাত্মা গান্ধীয়ে এই বাৰ্তা দিছিল যে এই দেশত সকলো ধৰ্মৰ লোকে বসবাস কৰিব পাৰিব ৷ কিন্তু বৰ্তমানৰ চৰকাৰে এই দেশ এটা বিশেষ ধৰ্মৰ বাবেহে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছে ৷
প্ৰাক্তন বিধায়ক ছোয়েব ইকবালে কয় যে, দেশে স্বাধীনতা লাভৰ পাচৰে পৰা এনে হোৱা নাছিল যি মোডী চৰকাৰৰ ৰাজত্বকালত হৈছে৷ তেওঁ দেশখন নিজৰ সম্পত্তি বুলি ভাবিছে আৰু এনে চিন্তা-চৰ্চা ভাৰতৰ বাবে বিপজ্জনক ৷ বৰ্তমান সমগ্ৰ দেশতে প্ৰতিবাদ কৰি থকা হৈছে আৰু হিন্দুয়েও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ৷ অসম জ্বলিছে আৰু বহুকেইজনে প্ৰাণ হেৰুৱাইছে কিন্তু কাৰো কাণসাৰ নাই ৷ প্ৰধানমন্ত্ৰীয়ে নিৰৱতা অৱলম্বন কৰিলেও আমি সকলোৱে থিয় দিব লাগিব আৰু চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাব লাগিব বুলি প্ৰতিবাদকাৰীক জানিবলৈ দিয়ে ছোয়েব ইকবালে ৷
আৰু পঢ়ক : কেব সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ