নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : শনিবাৰে পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ ফলত বহুকেইখন ট্ৰেইন বাতিল কৰা হয় ৷ পশ্চিমবংগৰ বহু স্থানত আইনখনৰ বিৰোধিতা কৰি ট্ৰেইন লাইন আবদ্ধ কৰি ৰাখে বহুসংখ্যক প্ৰতিবাদকাৰীয়ে ৷ কৃষ্ণনগৰ-লালগোলাত বেলদংগা আৰু ৰেজিনগৰ ষ্টেছনত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
মুৰ্ছিদাবাদ জিলাৰ বেলদংগা ষ্টেছনত জুই লগাই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷
আৰু পঢ়ক : যোৰহাটত হাহাকাৰ পৰিস্থিতি