নিউজ ডেস্ক, ১৫ জুলাইঃ যোগী আদিত্যনাথ তেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক বুধবাৰে আইন শৃংখলা সন্দৰ্ভত আক্ৰমনাত্মক মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে । কাণপুৰৰ এটি অপহৰণৰ ঘটনাক লৈয়ে এই মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে ।
ফেচবুক যোগে প্ৰিয়ংকা গান্ধীয়ে পোষ্ট কৰে যে, কাণপুৰৰ এটা অপৰাধীৰ দলে এজন যুৱকক অপহৰণ কৰে । তাৰোপৰি অপহৰণকাৰী দলটোয়ে যুৱকজনৰ মুক্তিৰ দাবীৰে পৰিয়ালৰ লোকক ধন দাবী কৰে । যাৰ বাবে যুৱকজনৰ পৰিয়ালৰ লোকে সকলো সা-সম্পত্তি বিক্ৰী কৰি ৩০ লাখ টকা ধনৰাশিৰ ব্যৱস্থা কৰে । তাৰ পাচতে পৰিয়ালটোৱে আৰক্ষীৰ নিৰ্দেশত টকাখিনি অপহৰণকাৰীক দিয়ে । কিন্তু আৰক্ষীয়ে অপহৰণকাৰী দলটোক আটক কৰিবলৈ সক্ষম নোহোৱাৰ উপৰিও অপহৰণ কৰা যুৱকক ঘূৰাই আনিবলৈ সক্ষম নহয় ।
খবৰ অনুসৰি, চমন সিনহাৰ পুত্ৰ সন্দীপ সিনহাক বিগত ২২ জুনত অপহৰণ কৰে আৰু স্থানীয় পেথোলজী লেবত কৰ্মৰত সন্দীপ সিনহাৰ মুক্তিৰ বাবদ অপহৰণকাৰী দলটোৱে ৩০ লাখ টকা দাবী কৰে ।
লগতে পঢ়ক : সুশান্ত সিঙ ৰাজপুতৰ সৈতে ফটো শ্বেয়াৰ কৰি ট্ৰ'লৰ সন্মুখীন ৰিয়া চক্ৰৱৰ্তী