ETV Bharat / bharat

পৰাজয়ৰ পাচত প্ৰথমবাৰ উত্তৰ প্ৰদেশলৈ প্ৰিয়ংকা গান্ধী - প্ৰিয়ংকা গান্ধী

মঙলবাৰে বিয়লী ৰাইবৰেলীত উপস্থিত হৈ বুধবাৰে কংগ্ৰেছৰ পৰাজয়ৰ বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰিব কংগ্ৰেছৰ পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৷ 2019ৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ দেশত কেৱল 52 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছে

লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাচত প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশলৈ যাব প্ৰিয়ংকা গান্ধী
author img

By

Published : Jun 10, 2019, 8:43 AM IST

নিউজ ডেস্ক, 10 জুনঃ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিচত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ মঙলবাৰে বিয়লী ৰাইবৰেলীত উপস্থিত হৈ বুধবাৰে কংগ্ৰেছৰ পৰাজয়ৰ বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰিব কংগ্ৰেছৰ পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৷ প্ৰিয়ংকা গান্ধীৰ উপৰিও পশ্চিম উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক জ্যোতিৰাদিত্য সিন্দিয়ায়েও দিল্লী আৰু লক্ষ্নৌত অনুষ্ঠিত হ'বলগীয়া পৰ্যালোচনা সভাত ক্ৰমে 11 আৰু 14 জুন তাৰিখে অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, 4 জুনত প্ৰিয়ংকা গান্ধীৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত এক সভাত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজ বব্বৰৰ লগতে কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰি কংগ্ৰেছক পুনৰ শক্তিশালী কৰাৰ বিভিন্ন দিশ সমূহৰ ওপৰত এক আলোচনাত মিলিত হৈছিল ৷ মনকৰিবলগীয়া যে, 2014 ৰ সাধাৰণ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পুনৰ 2019ৰ নিৰ্বাচনত সমগ্ৰ দেশতে 52 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ দল৷

লগতে পঢ়কঃ নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে মোডীয়ে দেশত হিংসা বিয়পাইছে : ৰাহুল গান্ধী

Raebareli (Uttar Pradesh), May 02 (ANI): Ahead of Lok Sabha elections, Congress General Secretary of Uttar Pradesh (East) Priyanka Gandhi Vadra visited Uttar Pradesh's Raebareli on Thursday. She was in Raebareli for her campaign for upcoming LS polls. Gandhi stole some time from her busy schedule and met snake charmers of the village. She was also seen playing with snakes.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.