ETV Bharat / bharat

কংগ্ৰেছক পুনৰুদ্ধাৰৰ বাবে লক্ষ্ণৌৰ বাংলোৰ প্ৰয়োগ কৰিব প্ৰিয়ংকা গান্ধীয়ে - প্ৰিয়ংকা গান্ধীৰ নতুন ৰাজনৈতিক আধাৰ

প্ৰিয়ংকা গান্ধীৰ নতুন ৰাজনৈতিক আধাৰ হিচাপে লক্ষ্ণৌৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ কাৰণ তেওঁ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ৰাজ্যত কংগ্ৰেছক পুনৰুদ্ধাৰ যো-জা চলাইছে ৷ তেওঁ লক্ষ্ণৌৰ গোখলে মাৰ্গস্থিত এটি বাংলোত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷

কংগ্ৰেছক পুনৰুদ্ধাৰৰ বাবে লক্ষ্নৌৰ বাংলোৰ প্ৰয়োগ কৰিব প্ৰিয়ংকা গান্ধীয়ে

author img

By

Published : Jul 2, 2020, 11:50 PM IST

নেশ্যনেল ডেস্ক, 2 জুলাই : কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে 2022 চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে দলৰ কিছু নিয়ম সলনি কৰাৰ বাবে লক্ষ্ণৌলৈ ৰাওনা হ’বলৈ সাজু হৈছে ৷ সেই হেতুকে তেওঁৰ উত্তৰ প্ৰদেশস্থিত লুটয়েন্সৰ বাংলো খালি কৰিবলৈ নিৰ্দেশ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

এক পত্ৰযোগে কেন্দ্ৰই তেওঁক দিল্লীৰ আটাইতকৈ সুৰক্ষিত স্থানৰ ভিতৰত অন্যতম লোধী ৰোডত থকা বাংলোৰে ওলাই যাবলৈ দিয়ে, কিয়নো তেওঁৰ হাতত এতিয়া বিশেষ সুৰক্ষা বাহিনীৰ দল নাই ৷

কংগ্ৰেছ কৰ্তৃপক্ষই সদৰী কৰা মতে, ‘‘প্ৰিয়ংকা গান্ধীৰ নতুন ৰাজনৈতিক আধাৰ হিচাপে লক্ষ্ণৌৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ কাৰণ তেওঁ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ৰাজ্যত কংগ্ৰেছক পুনৰুদ্ধাৰ যো-জা চলাইছে ৷ তেওঁ লক্ষ্ণৌৰ গোখলে মাৰ্গস্থিত এটি বাংলোত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷’’

ইয়াৰোপৰি, প্ৰিয়ংকা গান্ধীৰ এই স্থানান্তৰণক ‘ইন্দিৰা মূহুৰ্ত’ আখ্যা দিয়া হৈছে ৷ কিয়নো এই বাংলোটো প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ খুৰীয়েক কংগ্ৰেছ নেতা শীলা কৌলৰ আছিল ৷ 2022 চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ বিৰুদ্ধে এই সংঘৰ্ষ প্ৰিয়ংকা গান্ধীৰ ৷

বিগত বৰ্ষৰ নৱেম্বৰ মাহত চৰকাৰে চিআৰপিএফৰ দ্বাৰা Z+ সুৰক্ষাৰ সৈতে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা সলনি কৰি দিছিল ৷

লগতে পঢ়ক : নিয়ন্ত্ৰণৰেখাত অত্যধিক সেনা মোতায়েনৰ দাবী অস্বীকাৰ পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.