নেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ উত্তৰ প্ৰদেশ (পূব)ৰ কংগ্ৰেছৰ মুখ্য দায়িত্ববাহী সম্পাদকৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়ে সোমবাৰে কংগ্ৰেছৰ উপদেষ্টা পৰিষদক সাক্ষাৎ কৰিব ৷ মঙলবাৰ অৰ্থাৎ 5 নৱেম্বৰৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় স্তৰত হ'বলগীয়া 10 দিনীয়া প্ৰতিবাদী কাৰ্যসূচীক লৈ এইদৰে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে নেত্ৰীগৰাকীৰ ৷
লগতে পঢ়কঃ আং চান ছ্যু কীক সাক্ষাৎ মোডীৰ
প্ৰিয়ংকা গান্ধীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত হ'বলগীয়া প্ৰতিবাদৰ সময়তে সাধাৰণ জনতাক কিদৰে সাঙুৰি ল'ব পৰা যাব সেই বিষয়ে উপদেষ্টা পৰিষদৰ সৈতে আলোচনাত মিলিত হ'ব ৷ আলোচনাৰ মূল বিষয়সমূহ অহা 8 নৱেম্বৰৰ দিনৰ 11 বজাত কাৰ্যকৰী কৰিব কংগ্ৰেছে ৷ ইয়াৰ উপৰিও অৰ্থনৈতিক মন্দাৱস্থা, DHFL কেলেংকাৰী গোচৰ আৰু হোৱাটছ এপ বিতৰ্কৰ লগতে অন্যান্য বিষয়সমূহ লৈ মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সৰ্বভাৰতীয় কংগ্ৰেছ দলে ৷
লগতে পঢ়কঃ হাস্যমধুৰ ভৌতিকধৰ্মী ছবিৰ সোৱাদ দিবলৈ আহি আছে 'লক্ষ্মী ব'ম্ব'
প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰিবলগীয়া উপদেষ্টা পৰিষদত আছে জ্যেষ্ঠ কংগ্ৰেছী চলমান খুৰশ্বিদ,মোহছিনা কিড়ৱাই,ৰাজেশ মিশ্ৰা আৰু প্ৰমোদ তিৱাৰীৰ দলে অভিজ্ঞ নেতা ৷ উল্লেখ্য যে,দেওবাৰে কংগ্ৰেছ দলে প্ৰিয়ংকা গান্ধীৰ হোৱাটচএপটো ইজৰাইলী স্পাইৱেৰ পেগাছুচ (Israeli spyware Pegasus)ৰ দ্বাৰা হেক হোৱাৰ দাবী উত্থাপন কৰিছিল ৷