ETV Bharat / bharat

হোৱাটছ এ'প হেকিংৰ বলি হৈছে প্ৰিয়ঙ্কা গান্ধীঃ কংগ্ৰেছ

কংগ্ৰেছ সাধাৰণ সম্পাদিকা প্ৰিয়ঙ্কা গান্ধীৰ ব্যক্তিগত তথ্যৰ সৈতে আপোচ হোৱাৰ অভিযোগ কংগ্ৰেছৰ ৷ হোৱাটছ এ'পৰ জৰিয়তে চাইবাৰ চক্ৰই গুপ্তচৰগিৰি কৰাৰ অভিযোগ ৷

হোৱাটছ এ'প হেকিংৰ বলি হৈছে প্ৰিয়ঙ্কা গান্ধীঃ কংগ্ৰেছ
author img

By

Published : Nov 3, 2019, 9:55 PM IST

নিউজ ডেস্ক,3 নৱেম্বৰঃ কংগ্ৰেছ সাধাৰণ সম্পাদিকা প্ৰিয়ঙ্কা গান্ধীৰ ব্যক্তিগত গোপনীয়তাৰ সৈতে আপোচ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে ৷ দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ৰণদীপ সিঙ সূৰ্য্যৱালাই দেশৰ শাসকীয় দলটো এইধৰণৰ তথ্য চুৰি কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷

মুখপাত্ৰগৰাকীয়ে কয়,"আনকি 'স্পাইৱেৰ পেগাচাচ'ৰ মাৰাত্মক ম'বাইল ভাইৰাছ 2019 ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ব্যৱহৃত হৈছিল ৷ বিজেপি চৰকাৰ এই সকলোবোৰৰ বিষয়ে জ্ঞাত ৷ তাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷"

এইধৰণৰ চাইবাৰ ক্ৰাইমৰ বাবে এতিয়া কংগ্ৰেছ দলক মূল টাৰ্গেট কৰি লোৱা হৈছে বুলি উদ্বিগ্নতা ব্যক্ত কৰে কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে ৷ তাৰোপৰি 'স্পাইৱেৰ পেগাচাচ' পৰ্যায়ৰ ভাইৰাছসমূহ বৰ্তমান সময়ত দেশৰ ৰাজনৈতিক নেতা, সাংবাদিক, আইনজ্ঞ, সামাজিক সংস্থা আৰু মানৱাধিকাৰ কৰ্মীৰ বিৰুদ্ধে তথ্যৰ হেকিং আৰু গুপ্তচৰগিৰিৰ নামত বহুল ৰূপত ব্যৱহৃত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সূৰ্য্যৱালাই ৷ আনহাতে দেশত বৃদ্ধি পোৱা অবৈধ আৰু অসাংবিধানিক ভাৱে তথ্যৰ নিৰীক্ষণ আৰু গুপ্তচৰগিৰিৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক উক্ত চক্ৰসমূহৰ পৃষ্ঠপোষক আৰু সমৰ্থক আখ্যা দিয়ে ৷ ইফালে বিজেপি দলৰ সম্পূৰ্ণ নাম তেখেতে- 'ভাৰতীয় জাছুচ পাৰ্টী' বুলি কটাক্ষ কৰে ৷

স্মতব্য যে, দেশৰ অগ্ৰণী ৰাজনৈতিক নেতাৰ ব্যক্তিগত গোপনীয়তাৰ সৈতে আপোচ হোৱাৰ ঘটনা এয়াই প্ৰথম হিচাবে পৰিগণিত হৈছে ৷

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয়, "বিজেপি চৰকাৰখনে অবৈধ আৰু অসাংবিধানিকভাৱে ম'বাইল ফোনসমূহৰ হেংকি আৰু নিৰীক্ষণ কাৰ্যত লিপ্ত থকা সংস্থাসমূহক উদগনি যোগাই আহিছে ৷ আইনৰ নিয়ম আৰু মৌলিক অধিকাৰৰ অন্তৰ্গত গোপনীয়তাৰ অধিকাৰ এতিয়া মোডী চৰকাৰৰ বাবে এক প্ৰহসন ৷"

কংগ্ৰেছৰ এক বিশেষ সূত্ৰৰ অনুসৰি প্ৰিয়ঙ্কা গান্ধীয়ে হোৱাটছ এ'পত লাভ কৰা এটা মেছেজৰ যোগেদি তেখেতৰ মবাইলটো হেক হোৱাৰ সন্দেহ ব্যক্ত কৰিছিল ৷ হোৱাটছ এ'পৰ যোগেদি দেশৰ 121 গৰাকী ব্যক্তিৰ গোপনীয়তাক 'এন এচ অ পেগাচাচ স্পাইৱেৰ'ৰ জৰিয়তে আপোচ কৰা হৈছে বুলি হোৱাটছ এ'প কৰ্তৃপক্ষই চৰকাৰক অৱগত কৰাৰ পিছতেই দেশৰ একাংশ ৰাজনীতিকে চৰকাৰৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰিছে ৷

মংগলবাৰে হোৱাটছ এ'প কৰ্তৃপক্ষই ছান ফ্ৰান্সিচকোত অৱস্থিত যুক্তৰাষ্ট্ৰীয় আদালতত NSO Group সমূহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ হোৱাটছ এ'পে এই Group সমূহৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তত প্ৰায় 1400 টা ম'বাইল ফোনক এক নিৰ্দিষ্ট ব্যৱহাৰকাৰীৰ বাবে অবৈধ নিৰীক্ষণৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷

হোৱাটছ এ'প কৰ্তৃপক্ষই দিয়া অভিযোগ অনুসৰি এই নিৰীক্ষণ 2019 ৰ এ'প্ৰিলৰ পৰা মে' মাহৰ ভিতৰত কৰা হৈছিল ৷ জানিব পৰা মতে, এই নিৰীক্ষণে 20 খনকৈ দেশ আৰু 4 খন মহাদেশক সামৰি লৈছিল ৷

উল্লেখ্য যে, NSO Group সমূহ হৈছে Tel Aviv সমৃদ্ধ চাইবাৰ সুৰক্ষা কোম্পানী ৷ এইসমূহ গ্ৰুপ নিৰীক্ষণ প্ৰযুক্তিৰ লগত জড়িত হৈ থাকে আৰু সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ চৰকাৰ তথা আইন বলবৎকাৰী সংস্থাসমূহক অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোকাবিলা কৰাত সহযোগিতা আগবঢ়ায় ৷

ইফালে চৰকাৰে বিগত সময়ত স্পাইৱেৰৰ যোগেদি সংঘটিত হোৱা ভাৰতীয় নাগৰিকৰ ওপৰত অবৈধ নিৰীক্ষণৰ কোনো তথ্য ভাৰতীয় চৰকাৰী কৰ্তৃপক্ষৰ আগত প্ৰকাশ নকৰিবলৈ দেশখনৰ ছচিয়েল মিডিয়া সংস্থাসমূহক আহ্বান জনাইছে ৷

আৰু পঢ়ক মণিপুৰৰ দুজন বিচ্ছিন্নতাবাদী নেতাৰ বেংক একাউণ্ট অনিৰ্দিষ্টকাললৈ ফ্ৰীজ কৰাৰ নিৰ্দেশ চৰকাৰৰ

Intro:Body:

PRIYANKA GANDHI WATSAPP HACK

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.