ETV Bharat / bharat

মেঘালয়ত ভিৰ কমাবৰ বাবে মুকলি বহু কাৰাবন্দীক - কৰ'ণা ভাইৰাছ আতংক

শ্বিলঙৰ জিলা কাৰাগাৰৰ পৰা মুকলি 94 জন কাৰাবন্দীক ৷ কাৰাগাৰৰ ভিৰ কম কৰিবৰ বাবে এই সিদ্ধান্ত ৷

কৰ'ণা ভাইৰাছ আতংক
মুকলি 94 জন কাৰাবন্দীক
author img

By

Published : Apr 2, 2020, 11:55 AM IST

নেশ্যনেল ডেস্ক,1 এপ্ৰিল : কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মেঘালয়ৰ শ্বিলং জিলাত জেলৰ পৰা মুকলি কৰি দিয়া হৈছে 94 জনকৈ কাৰাবন্দীক ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ভিৰ কম কৰাৰ উদ্দেশ্যে এই কাৰাবন্দীসকলক মুকলি কৰা হয় ৷

মেঘালয় উচ্চ ন্যায়ালয়ৰ অধিবক্তা, মেঘালয় ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ (MSLSA)অধ্যক্ষ, মুখ্য ন্যায়াধীশৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, 31 মাৰ্চ,2020 ত শ্বিলঙৰ জিলা কাৰাগাৰৰ পৰা 94 জন লোকক মুকলি কৰা হৈছে ৷ এই লোকসকল পূৱ খাচী হিলচ জিলাৰ বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি, 8 জন কিশোৰকো শ্বিলংঙৰ মাউকাছিয়াং অঞ্চলৰ এক নিৰীক্ষণ আৱাসৰ পৰা মুকলি কৰা হৈছে ৷

170 জন কাৰাবন্দী ৰখাৰ ক্ষমতা থকা শ্বিলংঙৰ এই কাৰাগাৰত বৰ্তমান ৰখা হৈছে 459 জনকৈ কাৰাবন্দী ৷ ৰাজ্যখনৰ অন্য জিলাসমূহত থকা কাৰাগাৰসমূহৰ পৰাও অতি সোনকালেই বহু কাৰাবন্দীক মুক্তি দিয়া হ'ব ৷

আৰু পঢ়ক : অলিম্পিকৰ স্বৰ্ণ পদক জয় নকৰালৈকে হাৰ নামানো : মেৰী কম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.