ETV Bharat / bharat

মহামাৰী আইনৰ সংশোধিত অধ্যাদেশত সন্মতি প্ৰদান ৰাষ্ট্ৰপতিৰ

author img

By

Published : Apr 23, 2020, 12:13 PM IST

মহামাৰী ৰোগ (সংশোধিত) আইনৰ সদ্যঘোষিত অধ্যাদেশত সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । কৰ'ণা ভাইৰাছ সংকটৰ সময়ত স্বাস্থ্যকৰ্মীসকলৰ ওপৰত সংঘটিত হোৱা উৎপীড়ণৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ এই আইনখন সংশোধন কৰা হৈছিল । এই সংশোধনীৰ দ্বাৰা স্বাস্থ্যকৰ্মীসকলৰ ওপৰত সংঘটিত উৎপীড়ণক বিচাৰাধীন আৰু জামিনবিহীন অপৰাধ ঘোষণা কৰাৰ লগতে এনেকুৱা অপৰাধ সংঘটিত কৰা আৰু কৰিবলৈ উৎসাহ প্ৰদান কৰা সকলক তিনিমাহৰ পৰা পাঁচবছৰলৈ জেল নাইবা ৫০,০০০ৰ পৰা ২,০০,০০০ টকাৰ জৰিমণা বিহা হ'ব ।

মহামাৰী আইনৰ সংশোধিত অধ্যাদেশত সন্মতি প্ৰদান ৰাষ্ট্ৰপতিৰ
মহামাৰী আইনৰ সংশোধিত অধ্যাদেশত সন্মতি প্ৰদান ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মহামাৰী ৰোগ (সংশোধিত) আইনৰ অধ্যাদেশ, ২০২০ত সন্মতি প্ৰদান কৰিছে । কৰ'ণা মহামাৰীৰ সময়ত দেশৰ স্বাস্থ্যকৰ্মীসকলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক জামিনবিহীন ঘোষণা কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকলক সুৰক্ষা প্ৰদান কৰিব এই সংশোধনীয়ে । দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে এই অধ্যাদেশত মঞ্ৰুৰী প্ৰদান কৰে ।

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ অনুসৰি, মহামাৰী ৰোগ আইন, ১৮৯৭ক সংশোধন কৰি এক অধ্যাদেশ জাৰী কৰিছিল । অধ্যাদেশটোত "স্বাস্থ্যখণ্ডৰ সৈতে জড়িত লোক আৰু তেওঁলোকৰ কৰ্মস্থলী/ব্যক্তিগত স্থানত হিংসাৰ বিৰুদ্ধে মহামাৰীৰ সময়ত সুৰক্ষা প্ৰদান কৰা" বুলি ঘোষণা কৰা হৈছিল ।

অধ্যাদেশটোত এনেকুৱা হিংসাত্মক ঘটনাবোৰ বিচাৰযোগ্য আৰু জামিনবিহীন অপৰাধ আৰু মহামাৰীৰ সময়ত স্বাস্থ্যখণ্ডৰ কৰ্মীসকলৰ ওপৰত তথা তেওঁলোকৰ সম্পত্তিৰ ওপৰত কৰা হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ দিয়া হ'ব বুলি স্বাস্থ্য আঅৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে উল্লেখ কৰিছিল ।

এই সংশোধনীৰ দ্বাৰা স্বাস্থ্যকৰ্মীসকলৰ ওপৰত সংঘটিত উৎপীড়ণক বিচাৰাধীন আৰু জামিনবিহীন অপৰাধ ঘোষণা কৰাৰ লগতে এনেকুৱা অপৰাধ সংঘটিত কৰা আৰু কৰিবলৈ উৎসাহ প্ৰদান কৰা সকলক তিনিমাহৰ পৰা পাঁচবছৰলৈ জেল নাইবা ৫০,০০০ৰ পৰা ২,০০,০০০ টকাৰ জৰিমণা বিহা হ'ব । আনহাতে অপৰাধ অধিক ভয়াৱহ হ'লে শাস্তিৰ পৰিমান ছমাহৰ পৰা ৭ বছৰলৈ আৰু ১ লাখৰ পৰা ৭ লাখ টকালৈ জৰিমণা ভৰিব লাগিব । ইয়াৰ উপৰিও অভিযুক্তগৰাকীয়ে ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে বজাৰ মূল্যৰ দুগুন মূল্যত ধ্বংস হোৱা সম্পত্তিৰ মূল্য প্ৰদান কৰিব লাগিব ।

অপৰাধসমূহ পৰিদৰ্শক পৰ্যায়ৰ এগৰাকী বিষয়াৰ দ্বাৰা এমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে ইয়াৰ শুনানি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি অধ্যাদেশটোত উল্লেখ কৰা হয় ।

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ অধ্যাদেশ : স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে জৰিমনা আৰু কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.